Two people arrested with large amount of drugs:মৈৰাবাৰীত ড্ৰাগছসহ দুজনক কৰায়ত্ত

By

Published : Jul 27, 2023, 9:38 PM IST

thumbnail

ধিং, 27 জুলাই : উজনি, নামনি, মধ্য অসম সকলোতে আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান ৷ দৈনিক জব্দ হৈছে ড্ৰাগছ আৰু কৰায়ত্ত হৈছে ড্ৰাগছ সৰবৰাহকাৰী ৷ এইবাৰ মৰিগাঁও জিলাৰ মৈৰাবাৰীত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজনক কৰায়ত্ত কৰে ।

মৰিগাঁও জিলাৰ চোৰাংচোৱা আৰু মৈৰাবাৰী আৰক্ষীয়ে যৌথভাৱে চলোৱা এক অভিযানত দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । ড্ৰাগছ সৰবৰাহকাৰী দুটা ক্ৰমে মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত হাতীমূৰীয়া গাঁৱৰ ইমদাদুল হক আৰু মৰিগাঁৱৰ মিকিৰভেটাৰ বালিজান গাঁৱৰ কাদিৰ গুণী । সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে দহটা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ, দুখন বাইক জব্দ কৰাৰ লগতে দুটা ম’বাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় । জব্দ কৰা ড্ৰাগছখিনিৰ আনুমানিক মূল্য ৩০ লাখ টকা হ’ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : Crime in Nagaon: ডকাইতিৰ পৰিকল্পনা কৰোঁতেই মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত কুখ্যাত ডকাইত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.