Heroin seized: বুজন পৰিমানৰ হেৰ’ইনসহ দুই সৰবৰাহকাৰী আটক - ড্ৰাগছ মাফিয়া আৰু সৰবৰাহকাৰী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 18, 2023, 7:01 PM IST

ডিফু, ১৮ আগষ্ট: ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আছে অভিযান ৷ বিগত দিনকেইটাত কাৰ্বি আংলং আৰক্ষীয়ে বোকাজান মহকুমাৰ খটখটীত চলোৱা ইটোৰ পিচত সিটো অভিযানত নিচাযুক্ত সামগ্ৰী জব্দ কৰি থকাৰ পিচতো অসম-নাগালেণ্ড সীমান্তত থমকি ৰোৱা নাই ড্ৰাগছ মাফিয়া আৰু সৰবৰাহকাৰী ৷ নিতৌ মৰসাহ কৰি ড্ৰাগছ বেপাৰীয়ে অব্যাহত ৰাখিছে নিচাযুক্ত ড্ৰাগছৰ বেহা ৷ 

শুকুৰবাৰে এক গোপন খবৰৰ ভিত্তিত জিলা ASP (নিৰাপত্তা) জন দাসৰ  নিৰ্দেশ মৰ্মে খটখটী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমেন বৰদলৈৰ নেতৃত্বত এছআই (পি) স্বমধন স্বৰ্গীয়াৰী তথা থানাৰ কৰ্তব্যৰত আৰক্ষীয়ে লাহৰিজানত এঘৰ লোকৰ বাসগৃহত অভিযান চলাই ৫৮'৮১ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ হেৰ’ইনখিনি মজুত ৰখাৰ লগতে ড্ৰাগছৰ বেহাত জড়িত থকাৰ সন্দেহত হোজাই জিলাৰ ডবকা থানা অন্তৰ্গত সুতাৰ গাঁৱৰ নাছিৰ উদ্দিনৰ পুত্ৰ দিলোৱাৰ হুছেইন (২৩) আৰু পত্নীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ এই সন্দৰ্ভত আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী দুটাক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Rangia Double Suicide case update: প্ৰবীণ আগৰৱালাক লগত লৈ মাতৃ কন্যাৰ আত্মহনন তদন্ত আগুৱাইছে আৰক্ষীয়ে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.