মেৰাপানীত জল জীৱনৰ টেংকি ভাঙি গুৰুতৰভাৱে আহত দুই শ্ৰমিক - Golaghat Public Health Technical Department

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 2:38 PM IST

মেৰাপানী, ২৫ নৱেম্বৰ : মেৰাপানীৰ বনুৱা টঙীয়াত জল জীৱন আচঁনিৰ নিৰ্মাণৰত পানী টেংকি ভাঙি দুজনকৈ শ্ৰমিক গুৰুতৰভাৱে আহত । নিম্ন মানৰ সামগ্ৰীৰে ত্ৰিশ হাজাৰ লিটাৰ পানী সংৰক্ষণৰ ক্ষমতাৰে বনোৱা টঙীয়া পানী যোগান আচঁনিৰ টেংকি নিৰ্মাণ কৰি থকা অৱস্থাতে টেংকি ভাঙি ৪০ মিটাৰ উচ্চতাৰ পৰা তলত পৰি দুজন শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । আন এজন শ্ৰমিক দৈৱক্ৰমে ৰক্ষা পৰে । আঘাতপ্ৰাপ্ত শ্ৰমিককেইজন কিৰণ পাঠৰী আৰু সপ্তম শ্ৰেণীত অধ্যয়নৰত কিশোৰ বিজিত চাওতাল (১৪)। অভিযোগ অনুসৰি যোৰহাট বৰহোলাৰ ফিৰোজ খান নামৰ ঠিকাদাৰজনে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি পানী টেংকিৰ ষ্টেণ্ড নিৰ্মাণ কৰা বাবেই এনে ভয়ংকৰ ঘটনা সংঘটিত হ'বলৈ পালে ।  

ইফালে, দুৰ্নীতিত নিমজ্জিত হৈ থকা ঠিকাদাৰৰ লগতে গোলাঘাট জনস্বাস্থ্য কাৰিকৰী বিভাগীয় দায়িত্বত থকা অভিযন্তা তথা বিভাগীয় কৰ্মচাৰী সকলো এই ক্ষেত্ৰত জড়িত থকাৰ সন্দেহ কৰিছে একাংশ লোকে । আনহাতে, আঘাতপ্ৰাপ্ত শ্ৰমিক দুজনক অতি সংকটজনক অৱস্থাত ১০৮ মৃত্যুঞ্জয় সেৱা যোগে মেৰাপানী চিকিৎসালয়লৈ নিয়া হৈছে ।

লগতে পঢ়ক:সংগীত মহোৎসৱ নে সুৰা মহোৎসৱ ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.