Labourer died:নগাঁৱত জলজীৱন মিছনে প্ৰাণ ল’লে দুই শ্ৰমিকৰ - টেংকিত পৰি মৃত্যু হয় দুজন শ্ৰমিকৰ
🎬 Watch Now: Feature Video
Published : Sep 27, 2023, 10:52 PM IST
নগাঁও, 26 ছেপ্টেম্বৰ : নগাঁৱৰ জাজৰীত অঘটন । জলজীৱন মিছনৰ নিৰ্মীয়মাণ প্ৰকল্পত নিয়োজিত দুই শ্ৰমিকৰ মৃত্যু ৷ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ । বটদ্ৰৱাৰ হাতীচোঙত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জলজীৱন আঁচনিৰ নিৰ্মীয়মাণ প্ৰকল্পত সন্ধিয়াৰ ভাগত সংঘটিত হয় এই অঘটন । খবৰ অনুসৰি কাম কৰি থকা অৱস্থাতে মৃত্যু হয় শ্ৰমিক দুজনৰ ।
জানিব পৰা মতে হাতীচোং কমাৰচুকত চলি থকা প্ৰকল্পটোৰ টেংকিত পৰি মৃত্যু হয় দুজন শ্ৰমিকৰ । মৃত শ্ৰমিক দুজন মৈৰাবাৰীৰ আমিৰ হুছেইন আৰু চাইফুদ্দিন বুলি চিনাক্ত কৰা হৈছে । 22 বছৰীয়া আৰু 27 বছৰীয়া শ্ৰমিক দুজনৰ মৃত্যুত ভাগি পৰিছে পৰিয়ালবৰ্গ ৷ বৰ্তমানে ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি আৰম্ভ কৰিছে তদন্ত ।
লগতে পঢ়ক : Nagaon labourer death news: ১২০ ফুট উচ্চতাৰ এয়াৰটেল টাৱাৰৰ পৰা পৰি শ্ৰমিকৰ মৃত্যু