Uttarkashi Tunnel: উত্তৰকাশীৰ সুৰংগত আৱদ্ধ কোকৰাঝাৰৰ দুই শ্ৰমিক

🎬 Watch Now: Feature Video

thumbnail

কোকৰাঝাৰ, ১৫ নৱেম্বৰ: উত্তৰাখণ্ডৰ উত্তৰকাশী টানেলত কোকৰাঝাৰ জিলাৰ ৰাম্ফলবিলৰ দুই শ্ৰমিক আৱদ্ধ হৈ আছে ৷ প্ৰায় সাত কিলোমিটাৰ দৈৰ্ঘৰ নিৰ্মীয়মান টানেলত আৱদ্ধ শ্ৰমিক দুগৰাকী ৰাম প্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰী বুলি জানিব পৰা গৈছে ৷ 

উল্লেখ্য যে, যোৱা ২১ মে’ত উত্তৰাখণ্ডৰ উত্তৰকাশীলৈ শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈছিল ৰাম্ফলবিলৰ ৰাম প্ৰসাদ আৰু সঞ্জয় ৷ যোৱা ১২ নৱেম্বৰৰ পুৱা ৫ বজাত কাম কৰি থাকোঁতে নিৰ্মীয়মান টানেলৰ মাটি, শিল খহি পৰে ৷ যাৰ ফলত কোকৰাঝাৰৰ ৰাম্ফলবিলৰ ৰাম প্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰীৰসহ ৪০ গৰাকী শ্ৰমিক টানেলৰ ভিতৰত আৱদ্ধ হৈ পৰে ৷ 

এই ঘটনাৰ পিচতে পৰিয়ালৰ লোকে উক্ত স্থানতে শ্ৰমিক হিচাপে কৰ্মৰত তথা টানেলৰ বাহিৰত বাস কৰা সঞ্জয়ৰ জ্যেষ্ঠ ভাতৃ ৰকেট বসুমতাৰীৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে ৷ এতিয়াও ঘটনাস্থলীত শ্ৰমিকসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰখা হৈছে বুলি জানিব পৰা গৈছে । দুই যুৱকক সোঁ শৰীৰে উদ্ধাৰ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে দুই শ্ৰমিকৰ পৰিয়ালে ৷

লগতে পঢ়ক: Amrit kaal vimarsh: অসম ডনবস্ক' বিশ্ববিদ্যালয়ত অমৃত কাল বিমৰ্শ শীৰ্ষক কাৰ্যসূচী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.