বাঘ খেদিবলৈ গৈ আঘাতপ্ৰাপ্ত দুজন - Tiger terror in Naharkatia
🎬 Watch Now: Feature Video
Published : Jan 18, 2024, 2:13 PM IST
ডিব্ৰুগড়,১৮ জানুৱাৰী: ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত এতিয়া বাঘৰ ভয়ত সন্ধিয়া হ'লেই ঘৰৰ পৰা ওলাব নোৱাৰা হৈছে ৰাইজ । ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত দিনতে পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি আতংক সৃষ্টি কৰিছে বাঘে । ইয়াৰ মাজতে নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত নাহৰণি গাঁৱত বৃহস্পতিবাৰে নাহৰফুটুকী বাঘৰ আক্ৰমণত দুগৰাকী ব্যক্তিসহ এটা পোহনীয়া কুকুৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।
জানিবপৰামতে নাহৰণি গাঁওখনত বিগত দুটা বছৰ ধৰি নাহৰফুটুকী বাঘে গাঁওবাসীৰ পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে । স্থানীয় ৰাইজে নাহৰফুটুকী বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগক বহুবাৰ আবেদন-নিবেদন কৰাৰ পিছতো গা-নলৰিল বন বিভাগৰ ।
যাৰ পৰিপ্ৰেক্ষিতত বিগত সপ্তাহটোৰ পৰা নাহৰফুটুকী বাঘে পুনৰ স্থানীয় ৰাইজৰ পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি অহাত আজি গাঁওবাসী একত্ৰিত হৈ স্থানীয় এজন ব্যক্তিৰ চাহ বাগিচাত আশ্ৰয় লৈ থকা অৱস্থাত গাঁওবাসীয়ে যাঠি-জোং লৈ বাঘটো খেদিবলৈ যাওঁতে প্ৰশান্ত গগৈক ডিঙিত আৰু গুণ গগৈক হাতত আক্ৰমণ কৰা লগতে এটা পোহনীয়া কুকুৰকো আক্ৰমণ কৰে নাহৰফুটুকী বাঘটোৱে । ঘটনা সংঘটিত হোৱা পিছতেই স্থানীয় ৰাইজে আঘাতপ্ৰাপ্ত ব্যক্তি দুগৰাকীক নাহৰণি ৰেফাৰেল চিকিৎসালয়লৈ নি চিকিৎসা প্ৰদান কৰা হয় ।