Two fractions engaged in scuffle:ভলুকা বাঁহেৰে দুই দলৰ মাজত মাৰপিট

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 10:39 PM IST

Updated : Sep 26, 2023, 11:07 PM IST

thumbnail

ধিং, 26 ছেপ্টেম্বৰ : মৈৰাবাৰীৰ নিকটৱৰ্তী শালকাটি পথাৰত সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা । অন কেমেৰাত বন্দী হৈছে সমগ্ৰ মাৰপিটৰ ঘটনা । হাৰ্ডৱেৰ দোকানৰ পৰা বাকী কৰি নিয়া ধন বিচৰাৰ বাবে মাৰপিট কৰিলে গুণ্ডা ৰূপী মুস্তাফা আৰু মুস্তাফাৰ গুণ্ডা বাহিনীয়ে । হাতে হাতে ৰ’ড, লাখুটি লৈ মুস্তাফা আৰু তেওঁৰ পৰিয়ালৰ লোকে মাৰপিট কৰে হাৰ্ডৱেৰ দোকানী আব্দুল হামিদৰ লগতে আন কেইবাজনক ।

এই মাৰপিটৰ ফলত পাচঁজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয় । আব্দুল চালাম নামৰ এজন লোকৰ অৱস্থা সংকটজনক । আটাইকে ধিং এফ আৰ ইউ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । আঘাতপ্রাপ্ত লোক কেইজন হ’ল আব্দুল হামিদ, আব্দুল ছালাম, হবিবুৰ ৰহমান, ছাইদুল ইছলাম আৰু আব্দুল কালাম । জানিব পৰা মতে গুণ্ডা বাহিনীৰ দলটোত আছিল মুস্তাফা আহমেদ, ৰৌফ উল্লাহ, ৰবি উল্লাহ , জোৱাহিদ আলী, আছান উল্লাহ আৰু ৱাহিদুল ইছলাম ।

লগতে পঢ়ক : Cattle theft incident: দুজনী গৰুসহ এখন i10 বাহন জব্দ

Last Updated : Sep 26, 2023, 11:07 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.