নলবাৰীত ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক

By

Published : Sep 4, 2022, 8:13 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা অনৈতিক কাৰ্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান ৷ এক গোপন খবৰৰ ভিত্তিত নলবাৰীৰ টি এছ আইৰ নেতৃত্বত চলা এটা অভিযানত নলবাৰীৰ সুৰাদীৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে ব্ৰাউন ছুগাৰসহ ২৭ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় (Two Drugs Peddler Arrested In Nalbari) ৷ আৰক্ষীয়ে এই অভিযানত ড্ৰাগছ সৰবৰাহকাৰী দুটাক আটক কৰে ৷ আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুটা ক্ৰমে বাটচৰৰ আব্দুল আলী আৰু বৰ্ণিবাৰীৰ ছফিকুল ইছলাম ৷ আৰক্ষীয়ে অধিক তথ্যৰ বাবে সৰবৰাহকাৰী দুটাক সোধ-পোছ অব্যাহত ৰাখিছে ৷

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.