ধেমাজি শংকৰদেৱ বিদ্যা নিকেতনত ক্ষেত্ৰীয় ক্ৰীড়া সমাৰোহ - NORTH EAST SPORT MEET 2024

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 6:04 PM IST

thumbnail
উৎসৱমুখৰ ধেমাজি শংকৰদেৱ বিদ্যা নিকেতনৰ চৌহদ (ETV BHARAT ASSAM)

ধেমাজি, 3 জুলাই : উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত উৎসৱমুখৰ হৈ পৰিল ধেমাজি শংকৰদেৱ বিদ্যা নিকেতনৰ চৌহদ ৷ বিদ্যালয়খনত আয়োজিত যোগ আৰু দবা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে শ শ ছাত্ৰ-ছাত্ৰীয়ে ৷  

উল্লেখ্য যে শৈক্ষিক সংগঠন বিদ্যা ভাৰতীৰ অধীনস্থ নিকেতনসমূহত প্ৰতি বৰ্ষতে শিক্ষাৰ লগতে সাংস্কৃতিক আৰু ক্ৰীড়াৰ সৈতে বিভিন্ন সমাৰোহ, প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে ৷ এইবেলিও উত্তৰ পূৰ্বাঞ্চল ভিত্তিত 34 সংখ্যক পণ্ডিত ৰজনীকান্ত দেৱ শৰ্মা সোঁৱৰণী ক্ষেত্ৰীয় ক্ৰীড়া সমাৰোহ 2 জুলাইৰ পৰা 3 জুলাইলৈকে ধেমাজিৰ শংকৰদেৱ বিদ্যা নিকেতনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৷ প্ৰথমদিনা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে প্ৰতিযোগিতাখনি শুভাৰম্ভ হয় ৷ প্ৰতিযোগিতাখনিত উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ চাৰি শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে ৷ 

লগতে পঢ়ক : পৰিবহণ বিভাগৰ ব্যতিক্ৰমী কাৰ্যসূচী : বাণীকান্ত কাকতি বঁটাৰ স্কুটী লাভ কৰা শিক্ষাৰ্থীক প্ৰশিক্ষণ - Assam Govt Transport Department

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.