পথ এৰি পথাৰ পালেগৈ চুৰি ছাগলীসহ বিলাসী বাহন - Theft in Mariani

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 9:10 PM IST

thumbnail
মৰিয়নীত চুৰি ছাগলীসহ বাহন দুৰ্ঘটনাগ্ৰস্ত (ETV Bharat Assam)

যোৰহাট, 3 জুলাই : যোৰহাটৰ পৰা বিলাসী বাহন লৈ ছাগলী চুৰি কৰিবলৈ গৈ সন্মুখীন হ’ল দুৰ্ঘটনাৰ ৷ মৰিয়নীৰ ছেলেংহাটত চুৰি ছাগলীসহ বিলাসী বাহন পতিত হ’ল দুৰ্ঘটনাত ৷ দুঘটনাত পতিত হৈ বাহনসহ ছিটিকি পৰিলগৈ পথাৰত ৷

দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা ৰাইজে তিনিটা ছাগলী উদ্ধাৰ কৰে ৷ উল্লেখ্য যে এখন বিলাসী বাহনত অহা দুজন যুৱকে পথত থকা ছাগলী চুৰি কৰি গাড়ীত উঠোৱা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ তাৰ পিচতে স্থানীয় ৰাইজে গাড়ীখনৰ পিচে পিচে খেদি যায় ৷ ৰাইজৰ পৰা ৰক্ষা পোৱাৰ বাবে গাড়ীখন ধোদৰআলিৰ দিশে গতি কৰে যদিও ধোদৰ আলিৰ পুনৰ নিৰ্মাণকাৰ্য চলি থকা বাবে বাহনখনে দিশ সলনি কৰে ৷

ছেলেংহাটৰ সমীপৰ হিন্দু গাঁৱৰ পথৰে যাবলৈ অগ্ৰসৰ হোৱাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হৈ পথৰ পৰা পথাৰত পৰেগৈ বাহনখন ৷ পিচে পিচে খেদি যোৱা ৰাইজৰ ৰোষৰ পৰা বাচিবলৈ চোৰ দুটাই পথাৰে-পথাৰে দৌৰি পলায়ন কৰাৰ সময়তে স্থানীয় ৰাইজে কৰায়ত্ত কৰে । চোৰ দুটাক ৰাইজে উত্তম মধ্যম সোধাই আৰক্ষীক চমজাই দিয়ে ৷

লগতে পঢ়ক: কলগাছিয়াত সোণৰ গহনা চুৰি কৰা বহিঃৰাজ্য়ৰ চোৰক বাইহাটাত গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.