ভয়ংকৰ ভূমিস্খলন : কেমেৰাৰ সমুখতে কেইবাশ ফুট তললৈ বাগৰি পৰিল মালবাহী ট্ৰাক - Disaster In Nagaland

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 7:44 PM IST

thumbnail
ভূমিস্খলনে লৈছে ভয়ংকৰ ৰূপ (ETV BHARAT ASSAM)

যোৰহাট, 3 জুলাই : ভয়ংকৰ ভূমিস্খলনৰ কবলত নাগালেণ্ডৰ বহু ঠাই ৷ নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনৰ বিভিন্ন স্থানত ভূমিস্খলনে লৈছে ভয়ংকৰ ৰূপ ৷ খাদ্য সংকটে দেখা দিয়াৰ পূৰ্ণ সম্ভাৱনা পাহাৰীয়া ৰাজ্যখনৰ বহু জিলাত ৷ ইয়াৰ মাজতে অন কেমেৰা ভূমিস্খলনৰ বাবে পাহাৰৰ তললৈ বাগৰি পৰিল মালবাহী ট্ৰাক ৷  

বুধবাৰে মৰিয়নীৰ পৰা নাগালেণ্ডৰ টুৱেনচাঙলৈ বুলি অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই নিয়া এখন মালবাহী ট্ৰাক পথৰ পৰা পাহাৰ তললৈ বাগৰি পৰে ৷ এই ভয়াৱহ দৃশ্য বন্দী হয় কেমেৰাত ৷ নাগালেণ্ডৰ টুৱেনচাং জিলাৰ ৱাংগতাও অঞ্চলত অসমৰ পৰা যোৱা খাদ্যভৰ্তি ট্ৰাকখন কেমেৰাৰ সন্মুখতে পথৰ পৰা কেইবাশ ফুট তলত বাগৰি পৰে ৷ উল্লেখ্য যে, বিগত কিছুদিন ধৰি পাহাৰীয়া ৰাজ্যখনত হৈ থকা নেৰানেপেৰা বৰষুণ ফলত বহু গুৰুত্বপূৰ্ণ পথত সৃষ্টি হৈছে ভয়ংকৰ ভূমিস্খলন ৷ ফলত বহিঃৰাজ্যৰে প্ৰায় বিচ্ছিন্ন হৈছে যাতায়ত ব্যৱস্থা ৷ ইফালে ভূমিস্খলনৰ বাবে ৰাজ্যখনৰ বিভিন্ন পথত আৱদ্ধ হৈ পৰিছে মালবাহী ট্ৰাকৰ লগতে অন্যান্য বাহনসমূহ ৷ 

লগতে পঢ়ক : বলীয়া বানৰ সংহাৰ ; ঘৰ এৰি ৰাষ্ট্ৰীয় ঘাইপথত আশ্ৰয় গ্ৰহণ বন্যাৰ্তৰ - ASSAM FLOOD 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.