ভয়ংকৰ বিত্তীয় কেলেংকাৰী: কৰ সংগ্ৰাহকৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ - Money embezzlement

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 9:22 PM IST

thumbnail
কৰ সংগ্ৰাহকৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ (ETV Bharat Assam)

যোৰহাট,৩ জুলাই: যোৰহাট পৌৰসভাৰ বিৰুদ্ধে এক ভয়ংকৰ বিত্তীয় কেলেংকাৰীৰ অভিযোগ । ৰঞ্জন ৰাজখোৱা নামৰ এজন কৰ সংগ্ৰাহকে নগৰখনৰ লোকৰ পৰা সংগ্ৰহ কৰা লাখ লাখ টকা আত্মসাৎ কৰি কেইবামাহ ধৰি আত্মগোপন কৰাৰ অভিযোগ । ৰঞ্জন ৰাজখোৱা নামৰ কৰ সংগ্ৰাহকজনে ২০২১ চনৰ পৰা সংগ্ৰহ কৰা বহু লক্ষাধিক টকা পৌৰসভাত জমা নিদিয়াকৈ আত্মসাৎ কৰি আত্মগোপন কৰি আছিল । নগৰখনৰ ১৫ নং ৱাৰ্ডৰ কৰ সংগ্ৰাহকজনক প্ৰায় ৯০ খন ৰচিদ বহী পৌৰসভাই কৰ সংগ্ৰহৰ বাবে প্ৰদান কৰিছিল । কিন্তু এই ৰচিদ বহীৰ বিপৰীতে সংগ্ৰহ কৰা কৰৰ এটকাও পৌৰসভাত জমা নকৰি আত্মগোপন কৰাত যোৰহাট পৌৰসভাই ৰঞ্জন ৰাজখোৱাৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ ।  

অৱশেষত কৰ সংগ্ৰাহকজনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰৰ পৰা অগ্ৰিম জামিন লৈ যোৰহাট আৰক্ষী ওচৰত হাজিৰ হৈ স্ব-ইচ্ছাৰে আৰক্ষীক তদন্তত সহযোগিতা কৰা পৰিলক্ষিত হয় । বুধবাৰে আৰক্ষীয়ে ৰঞ্জন ৰাজখোৱাক লগত লৈ পৌৰসভাত তদন্ত আৰম্ভ কৰে । কেবল ৰঞ্জন ৰাজখোৱাই নহয় এই বিত্তীয় কেলেংকাৰীত পৌৰসভাৰ আন কেইবাজনো বিষয়া জড়িত হোৱাৰ অভিযোগ সৰ্বত্ৰে উথাপিত হৈ পৰিছে । আৰক্ষীৰ তদন্ত পাচতহে পোহৰলৈ আহিব সকলো তথ্য । 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.