Road Accident: নতুনকৈ বাইক ক্ৰয় কৰি ঘৰ নাপালেহি দুই যুৱক - ভয়ংকৰ পথ দুৰ্ঘটনা
🎬 Watch Now: Feature Video


Published : Nov 9, 2023, 12:48 PM IST
গোলাঘাট, 9 নৱেম্বৰ : গোলাঘাট জিলাৰ ফৰকাটিং চক্ৰধৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এখন তীব্ৰবেগী বাইকে পথৰ দাঁতিত থকা এজোপা গছত প্ৰচণ্ড খুন্দা মৰাৰ ফলত ঘটনাস্থলীতে নিহত হয় দুজন যুৱক ৷ নিহত যুৱক দুজন গোলাঘাটৰ ৰঙাজান অঞ্চলৰ বিজিত ভূঞা আৰু মাৰ্টিনাছ কেৰ্কেটা বুলি জানিব পৰা গৈছে ৷
জানিব পৰামতে নতুন কৈ ক্ৰয় কৰা পালচাৰ বাইকখনেৰে দুই বন্ধুৱে গোলাঘাটৰ দিশৰ পৰা গৈ থকা অৱস্থাত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো। ইফালে দুৰ্ঘটনাৰ পাচত ঘটনাস্থলীত গোলাঘাট যান বাহন আৰক্ষী আৰক্ষী উপস্থিত হৈ দুই যুৱকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ দুই বন্ধুৰ মৃত্যুত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে গোলাঘাটৰ ৰঙাজানত।
লগতে পঢ়ক: Sleeper bus catches fire: দিল্লী-গুৰুগ্ৰাম এক্সপ্ৰেছৱেত ভয়ংকৰ অগ্নিকাণ্ড; ২ জন নিহত, ১২ জন আহত