জয়পুৰ: জয়পুৰৰ ভাংক্ৰোটা আৰক্ষী থানা অঞ্চলৰ আজমীৰ ঘাইপথত পেট্ৰ'ল পাম্পৰ ওচৰত ৰখাই থোৱা এখন চি এন জি গেছ টেংকাৰত বিস্ফোৰণৰ ফলত জুই লাগে । এই ঘটনাটোৰ পিছত ৪০ খনৰো অধিক বাহন ইখনৰ পিছত সিখনকৈ ভস্মীভূত হয় । দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ৰাস্তাৰে গৈ থকা বহু সৰু-বৰ বাহনো জুয়ে গ্ৰাস কৰে । আনহাতে, প্ৰায় আঠগৰাকী লোক জীৱন্তে অগ্নিদগ্ধ হোৱাৰ লগতে আন বহু লোক আহত হোৱাৰ খবৰ পোৱা গৈছে । 37 গৰাকী লোকক এছ এম এছ চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলি খবৰ পোৱা গৈছে । জিলা প্ৰশাসনে দুৰ্ঘটনাটোত মৃত্যুৰ কথা নিশ্চিত কৰিছে ।
৮ জন লোকৰ মৃত্যু, ৪০ খন গাড়ী ভস্মীভূত
জানিব পৰা মতে, এতিয়ালৈকে এই অগ্নিকাণ্ডৰ দুৰ্ঘটনাত আঠজন লোকৰ মৃত্যু হৈছে । এছ এম এছ চিকিৎসালয়ত এজন আহত ব্যক্তিয়ে মৃত্যুবৰণ কৰে আৰু প্ৰায় দুই ডজন অগ্নিনিৰ্বাপক গাড়ীয়ে জুই নিৰ্বাপণ কৰিবলৈ ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হয় । আনহাতে, ডি চি পি পশ্চিম অমিত কুমাৰ বুদানিয়া আৰু কেইবাখনো আৰক্ষী থানাৰ আৰক্ষীকে ধৰি বহু আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত আছে । এই দুৰ্ঘটনাত 40 খন বাহন জুইৰ গ্ৰাসলৈ অহাৰ খবৰ পোৱা গৈছে ।
আহতৰ খবৰ ল'বলৈ চিকিৎসালয়ত উপস্থিত মুখ্যমন্ত্ৰী
ইফালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাই আহতসকলৰ খবৰ ল'বলৈ ততালিকে গৈ এছ এম এছ চিকিৎসালয়ত উপস্থিত হয় । মুখ্যমন্ত্ৰীয়ে এছ এম এছৰ বিষয়াসকলক চিকিৎসা সেৱাত কোনোধৰণৰ গাফিলতি নকৰিবলৈ নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰীয়ে আহতসকলক তাৎক্ষণিক সহায় আগবঢ়াবলৈও নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰীয়ে আজমীৰ ৰোডৰ দুৰ্ঘটনাস্থলীও পৰিদৰ্শন কৰে ।
আনহাতে, ঘটনাস্থলীত উপস্থিত হোৱা উপ-মুখ্যমন্ত্ৰী প্ৰেমচান্দ বৈৰৱাই কয় যে এতিয়ালৈকে ৩৯ জন লোকক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । একে সময়তে, স্বাস্থ্য মন্ত্ৰী গজেন্দ্ৰ সিং খিনভাচাৰো এছ এম এছ চিকিৎসালয়ত উপস্থিত হয় ।
চি এন জি টেংকাৰত বিস্ফোৰণৰ পিছত অগ্নিকাণ্ডৰ সূত্ৰপাত
ডি চি পি (পশ্চিম) অমিত কুমাৰ বুদানিয়াৰ মতে, শুকুৰবাৰে পুৱা ভাংক্ৰোটা আৰক্ষী থানা অঞ্চলৰ আজমীৰ ঘাইপথত ৰাসায়নিক সামগ্ৰীভৰ্তি ট্ৰাকৰ সৈতে সংঘৰ্ষ হোৱাৰ পিছত পেট্ৰ'ল পাম্পৰ ওচৰত ৰখাই থোৱা এখন চি এন জি টেংকাৰত জুই লাগে । এই জুৱে লগে লগে ওচৰৰ কেইবাখনো বাহনকো গ্ৰাস কৰে ।
এই জুই ইমানেই ভয়ংকৰ আছিল যে ওচৰৰ লোকসকলক বাহিৰলৈ ওলাই নাহিবলৈ নিৰ্দেশ দিবলগা হয় । গেছ টেংকাৰৰ জুইৰ গ্ৰাসলৈ আহি প্ৰায় ৪০ খন বাহন ভস্মীভূত হয় । এই জুৱে পেট্ৰ'ল পাম্পটোৰ এটা অংশকো আগুৰি ধৰে । ঘটনাস্থলীত ভাংক্ৰোটা, বিন্দাইকা, বাগৰু, চিত্ৰকূট, বৈশালী নগৰ, কৰ্ণী বিহাৰ, কাৰ্ধনী আৰু অন্যান্য স্থানৰ আৰক্ষী মোতায়েন কৰা হৈছে । প্ৰায় দুই ডজন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে । লগতে ৰাজপথত যান-বাহনৰ গতিপথো সলনি কৰা হয় ।
ওচৰৰ পাইপ ফেক্টৰীও জুইৰ গ্ৰাসত
অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে ইয়াৰ জুয়ে ঘাইপথৰ কাষতে থকা এটা পাইপ কাৰখানাও গ্ৰাস কৰে । অগ্নিকাণ্ডৰ ঘটনাৰ পিছত প্ৰচণ্ড বিস্ফোৰণৰ ফলত অঞ্চলটোত আতংকৰ সৃষ্টি হয় । চাৰিওফালে জুই আৰু ধোঁৱাই আৱৰি ধৰে । আৰক্ষীয়ে ৰাজপথত যান-বাহন চলাচল বন্ধ কৰি দিয়ে । আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় ।
আনহাতে, অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীসকলে জুই নিয়ন্ত্ৰণ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰে । আঘাতপ্ৰাপ্তসকলৰ চিকিৎসাৰ বাবে চিকিৎসকৰ এটা দল গঠন কৰা হৈছে ।
পৃথক আই চি ইউ ইউনিট স্থাপন
এই সমগ্ৰ ঘটনাৰ পিছত স্বাস্থ্য মন্ত্ৰী গজেন্দ্ৰ সিং খিনভাচাৰেদুৰ্ঘটনাটোত আহতসকলৰ চিকিৎসাৰ বাবে সকলো সুবিধা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে । এনে পৰিস্থিতিত তেওঁ চিকিৎসালয় প্ৰশাসনক এক সমৰ্পিত আই চি ইউ আৰু এটা পৃথক ৱাৰ্ড সৃষ্টি কৰিবলৈ নিৰ্দেশ দিছে যাতে আহতসকলে তাৎক্ষণিক চিকিৎসা লাভ কৰিব পাৰে । এছ এম এছ চিকিৎসালয় প্ৰশাসনৰ পৰা লাভ কৰা তথ্য অনুসৰি, অগ্নিকাণ্ডত আহত সকলো লোকৰ অৱস্থা সংকটজনক হৈ আছে আৰু ৫০ শতাংশৰো অধিক লোক জ্বলি গৈছে ।
৪০ খন বাহন ভস্মীভূত
ঘটনাৰ বিৱৰণী অনুসৰি, এখন টেংকাৰ আজমীৰৰ পৰা জয়পুৰ অভিমুখে আহি আছিল । দিল্লী পাব্লিক স্কুলৰ সন্মুখৰ পৰা গাড়ীখনে আজমীৰৰ ফালে ঘূৰি আছিল । সেই সময়তে জয়পুৰৰ পৰা অহা এখন ট্ৰাকে টেংকাৰখনত খুন্দা মাৰে । সংঘৰ্ষটো ইমানেই শক্তিশালী আছিল যে টেংকাৰখনত লগে লগে জুই লাগে । এই দুৰ্ঘটনাটোৰ পিছত 40 খনতকৈও অধিক বাহন ভস্মীভূত হয় । ইয়াৰে ভিতৰত 29 খন ট্ৰাক আৰু টেংকাৰ থকা বুলি জানিব পৰা গৈছে । আনহাতে, দুখন শ্লিপাৰ বাছ আৰু অন্যান্য গাড়ীও এই জুইৰ গ্ৰাসলৈ আহে ।