স্প’ৰ্টছ ডেস্ক: বৃহস্পতিবাৰে ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মহিলা ক্ৰিকেট দল দুটাৰ মাজত অনুষ্ঠিত তৃতীয়খন টি-20 ত স্মৃতি মন্ধানাই সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰে ৷
মুম্বাইৰ ড৹ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ক্ৰিকেটাৰগৰাকীয়ে 13 টা চাৰি আৰু এটা ছয়ৰ সহায়ত 47 টা বলত 77 ৰাণৰ এক দৰ্শনীয় ইনিংছ খেলে । মন্ধানাই ভংগ কৰে বহু অভিলেখ ৷ মহিলা ক্ৰিকেটত 50 তকৈ অধিক ৰাণ সংগ্ৰহ কৰা প্ৰথমগৰাকী খেলুৱৈত পৰিণত হয় ভাৰতীয় ক্ৰিকেটাৰগৰাকী ।
𝙄. 𝘾. 𝙔. 𝙈. 𝙄
— BCCI Women (@BCCIWomen) December 19, 2024
5⃣4⃣ Runs
2⃣1⃣ Balls
3⃣ Fours
5⃣ Sixes
Relive that Richa Ghosh joint-fastest T20I fifty in women's cricket 🎥 🔽#TeamIndia | #INDvWI | @13richaghosh | @IDFCFIRSTBank
ভাৰতে ফাইনেলত জয়লাভ কৰি দখল কৰে শৃংখলাটো ৷ প্ৰায় পাঁচ বছৰৰ অপেক্ষাৰ পিছত টি-20 ক্ৰিকেটত ঘৰুৱা খেলপথাৰত এয়া ভাৰতৰ প্ৰথমটো শৃংখলা জয় । ভাৰতে শেষবাৰৰ বাবে 2019 চনত ঘৰুৱা মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 3-1 ব্যৱধানত জিকিছিল টি-20 শৃংখলা ।
স্মৃতি মন্ধানাৰ বৃহৎ অভিলেখ
মন্ধানাই দ্বিপাক্ষিক টি-20 শৃংখলাত এগৰাকী ভাৰতীয় মহিলা বেটছমেনৰ দ্বাৰা সৰ্বাধিক ৰাণ সংগ্ৰহ কৰাৰ অভিলেখ গঢ়ে । তেওঁ তিনিখন খেলত 64.33 গড়ে 193 ৰাণ সংগ্ৰহ কৰে । লগতে 2018 চনৰ ফেব্ৰুৱাৰীত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 192 ৰাণ সংগ্ৰহ কৰা মিতালীৰাজৰ পূৰ্বৰ অভিলেখ মন্ধানাই ভংগ কৰে ।
For smashing the joint-fastest T20I Fifty in women's cricket, Richa Ghosh receives the Player of the Match award 👏👏
— BCCI Women (@BCCIWomen) December 19, 2024
Scorecard ▶️ https://t.co/Fuqs85UJ9W#TeamIndia | #INDvWI | @IDFCFirstbank | @13richaghosh pic.twitter.com/iyOB4sNCTp
বাওঁহতীয়া বেটছমেনগৰাকীয়ে এটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ অভিলেখো স্থাপন কৰে । গোটেই বছৰটোত খেলা 23 খন খেলত, মন্ধানাই 42.38 গড়ে 763 ৰাণ সংগ্ৰহ কৰে ৷ বেটছমেনগৰাকীৰ সৰ্বাধিক স্ক'ৰ আছিল 77 । 28 বছৰীয়া মন্ধানাই শ্ৰীলংকাৰ অধিনায়ক চমাৰি আথাপাথুক অতিক্ৰমি বছৰটোত অনুষ্ঠিত 21 খন মেচত 720 ৰাণ সংগ্ৰহ কৰে ।
𝙈𝙞𝙡𝙚𝙨𝙩𝙤𝙣𝙚 𝙐𝙣𝙡𝙤𝙘𝙠𝙚𝙙 🔓
— BCCI Women (@BCCIWomen) December 19, 2024
How impressive was that from #TeamIndia! 🙌 🙌
Live ▶️ https://t.co/Fuqs85UJ9W#INDvWI | @IDFCFIRSTBank pic.twitter.com/fhQRIWAIU9
ইয়াৰোপৰি মন্ধানাই এটা কেলেণ্ডাৰ বৰ্ষত মহিলাৰ টি-20 ক্ৰিকেটত আঠটাকৈ অৰ্ধশতক অৰ্জন কৰিছে । মন্ধানাই মিতালী ৰাজক অতিক্ৰম কৰিছিল, যিয়ে 2018 চনত সাতটাৰো অধিক অৰ্ধশতক অৰ্জন কৰিছিল । মন্ধানা মহিলা ক্ৰিকেটৰ প্ৰথমগৰাকী বেটছমেন, যিয়ে টি-20 ত এটা কেলেণ্ডাৰ বৰ্ষত 100 বা ততোধিক চাৰি কোবাইছিল ।
মন্ধানাই প্ৰথমখন টি-20 ত 54 ৰাণ, দ্বিতীয়খন টি-20 ত 62 ৰাণ আৰু তৃতীয়খন টি-20 ত 77 ৰাণ সংগ্ৰহ কৰে । এই শৃংখলাৰ নিৰ্ণায়ক খেলখনত বাওঁহতীয়া বেটছমেনগৰাকীয়ে জেমিমা ৰড্ৰিগছৰ সৈতে 98 ৰাণৰ অংশীদাৰিত্ব গঢ়ি তুলি অ’পেনাৰ হিচাপে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে ।
India seal the T20I series 2-1 with a commanding all-round display in the decider against West Indies 👏
— ICC (@ICC) December 19, 2024
📝 #INDvWI: https://t.co/aRYawJSZNN pic.twitter.com/AXqKnki9SZ
মন্ধানাৰ এই ইনিংছৰ বাবেই ভাৰতে 217/4 ৰাণ সংগ্ৰহ কৰি মহিলাৰ টি-20 ক্ৰিকেটত সৰ্বাধিক স্ক’ৰ অৰ্জন কৰে ৷ তৃতীয়খন টি-20 ত ভাৰতে নিৰ্ধাৰণ কৰি দিয়া 217 ৰাণৰ লক্ষ্য আগত লৈ বেটিং কৰা ৱেষ্ট ইণ্ডিজে 157 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷