Cattle smugglers Detained: যোৰাবাটত 26লাখ টকাসহ দুই গৰু সৰবৰাহকাৰীক আটক - গৰুৰ চোৰাং সৰবৰাহ
🎬 Watch Now: Feature Video
গুৱাহাটী, 19 জুলাই: ৰাজ্যত এতিয়াও অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ ৷ সমানে সমানে অসম আৰক্ষীয়েও বিভিন্ন সময়ত ইয়াৰ বিৰুদ্ধে অব্যাহত ৰাখিছে কঠোৰ অভিযান ৷ বিগত এসপ্তাহত যোৰাবাট আৰক্ষীয়ে প্ৰায় প্ৰতিদিনে জব্দ কৰিছে গৰুৰ চোৰাং সৰবৰাহ কৰা বাহন ৷
মঙলবাৰে পুনৰ যোৰাবাটত আটক কৰা হয় দুই অবৈধ গো-ধন সৰবৰাহকাৰী ৷ লগতে জব্দ কৰা হয় নগদ 26 লাখ 50 হাজাৰ টকা ৷ মঙলবাৰে সন্ধিয়া DIG পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত মহানগৰ STF আৰু যোৰাবাট আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি এক অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় দুই সৰবৰাহকাৰীক ৷
অবৈধ গো-সৰবৰাহকাৰী দুটা ক্ৰমে ছামছুদ্দিন আহমেদ আৰু ছহিদুল হক ৷ আটকাধীন সৰবৰাহকাৰী দুটাৰ ঘৰ মৰিগাঁৱত বুলি জানিব পৰা গৈছে ৷ লগতে আৰক্ষীয়ে জব্দ কৰে AS 01 FF 0527 নম্বৰৰ এখন বলেৰো বাহন ৷ উল্লেখ্য যে উজনি অসমৰ পৰা মেঘালয়লৈ গো-ধন সৰবৰাহৰ মাষ্টাৰ মাইণ্ড আছিল ধৃত দুই সৰবৰাহকাৰী ৷ আৰক্ষীয়ে ইতিমধ্যে দুয়োকে আটক কৰি অব্যাহত ৰাখিছে তদন্ত ৷
লগতে পঢ়ক : Attempt to rape : মহানগৰীত মহিলাক ধৰ্ষণৰ অপচেষ্টা