thumbnail

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 9:22 AM IST

ETV Bharat / Videos

Assamese people killed:কেৰালাৰ কোম্পানীত নিয়োজিত অসমীয়া যুৱকক হত্যা

ধেমাজি, 8 নৱেম্বৰ : বহিঃৰাজ্যত গৈ বিভিন্ন সময়ত অসমৰ যুৱকে মৃত্যুক আঁকোৱালি লোৱা খবৰ আমি প্ৰায়ে পঢ়িবলৈ পাঁও ৷ নিশ্চয়কৈ এনে খবৰে আমাক হতাশ কৰে ৷ ৰাজ্যৰ বাহিৰলৈ গৈ যিকোনো কোম্পানীত আনৰ তলতীয়া হৈ কাম কৰাতকৈ নিজৰ ঠাইতে খেতি-বাতিৰে স্বাৱলম্বী হোৱাৰ কথা বৰ্তমান সময়ত বৰকৈ চৰ্চিত হৈছে যদিও হয়তো এইবোৰক লৈ সজাগত সভা পতাৰো সময় আহি পৰিছে ৷ বহুৱে বহু কথা নেজানে বাবেই হয়তো বাহিৰলৈ গ’লেই কেইটকা মান আৰ্জিব পাৰিম বুলি ভাবি ওলাই যায় ৷ শেহতীয়াকৈ পুনৰ অসমৰ দুজন যুৱকক কেৰালাত হত্যা কৰা হ’ল ৷

একেলগে ধেমাজিৰ দুজন যুৱকক হত্যা কৰা হ’ল কেৰালাত ৷ কামৰ তাগিদা আৰু পৰিয়াল পোহপাল দিয়াৰ নামত বিগত ছমাহে ধেমাজি ২ নং টেকজুৰিৰ মহন্ত স্বৰ্গীয়াৰী আৰু আদৰ্শ বড়ো গাঁৱৰ দিপাংকৰ বসুমতাৰী কেৰালাত নিয়োজিত আছিল এটা ব্যক্তিগত কোম্পানীত ৷ তাতে দুই যুৱকক ৰহস্যজনকভাৱে হত্যা কৰা হ’ল ৷ ইতিমধ্যে হত্যাকাণ্ডৰ পিচত কেৰালাৰ মোভাট্টুপুঝা থানাত পঞ্জীভূত গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্তক ৷ মঙলবাৰে নিশা উক্ত দুই যুৱকৰ মৃতদেহ ধেমাজিলৈ লৈ অনা হয় ৷ ডিব্ৰুগড় বিমান বন্দৰলৈ অনাৰ পিচত নিশা মৃতদেহ প্ৰথমে ধেমাজি সদৰ আৰক্ষী থানালৈ অনা হয় আৰু পিচত আত্মীয়ই লৈ যায় ঘৰলৈ ৷ এই ঘটনাই ধেমাজিৰ ভিতৰুৱা অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : Assam man death: সহকৰ্মীৰ হাতত প্ৰাণ হেৰুৱালে আজিজুৰে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.