নলবাৰীত সন্দেহজনক স্কৰপিঅ'সহ দুজনক আটক - Suspected Scorpio seized in Nalbari

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 2:12 PM IST

নলবাৰী,২৪ ডিচেম্বৰ: আলফাৰ ভাবুকিৰ পিচতে ৰাজ্যত আৰম্ভ হৈছে পানী নসৰকা আৰক্ষীৰ তালাচী । নলবাৰীতো নিশা গুৱাহাটী-নলবাৰী সংযোগী হাজো পথ আৰু ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে জোৰদাৰ তালাচী অভিযান চলায় । আৰক্ষীৰ তালাচীৰ মাজতে নিশা নলবাৰীত সন্দেহজনক স্কৰপিঅ' সৈতে দুজনক আটক কৰে আৰক্ষীয়ে ।  

হাজো-নলবাৰী পথৰ চ'কবজাৰত বাহন এৰি চালক সৈতে দুজনে পলায়ন কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ তালাচীৰ সম্মুখীন হৈ পলায়ন কৰে চালকৰ সৈতে দুজন লোকে । ইয়াৰে গাড়ীখনত থকা আন দুই যুৱকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী । লগতে AS-02AK-6369 নম্বৰৰ স্কৰপিঅ' বাহনখন জব্দ কৰে আৰক্ষীয়ে । উল্লেখ্য যে দিনে প্ৰতিদিনে বাঢ়ি অহা অপৰাধজনিত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি যথেষ্ট কঠোৰ হৈছে আৰক্ষী প্ৰশাসন । সেয়ে এইদৰে আৰম্ভ কৰিছে নিছিদ্ৰ তালাচী অভিযান । 

লগতে পঢ়ক: তিনিচুকীয়া শিৱসাগৰত গুলীবিদ্ধ ৪ জনক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.