Suspected heroin seized in Khatkhati: খটখটীত সন্দেহযুক্ত হেৰ'ইন জব্দ, আটক দুই সৰবৰাহকাৰী - Anti drugs operation in Assam
🎬 Watch Now: Feature Video


Published : Oct 18, 2023, 6:33 PM IST
ডিফু,১৮ অক্টোবৰ: নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ কৰিডৰলৈ পৰিণত হৈছে বোকাজান মহকুমাৰ খটখটী । প্ৰতিদিনেই জব্দ কৰা হৈছে বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী । ইয়াৰ মাজতে বুধবাৰে পুৱা প্ৰায় ৭ মান বজাত বোকাজান মহকুমাৰ খটখটীত আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত সন্দেহযুক্ত হেৰ'ইনসহ আটক হয় দুই সৰবৰাহকাৰী ৷
প্ৰাপ্ত খবৰ অনুসৰি খটখটী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমেন বৰদলৈৰ নেতৃত্বত খটখটী ষ্টেট বেংকৰ ওচৰত নিয়মীয়া নাকা তালাচীত NL07 EC5353 নম্বৰৰ মটৰ চাইকেলেৰে আহি থকা দুজন যুৱকক ৰখাই তালাচী চলায় ৷ তালাচীৰ সময়চোৱাত লোক দুজনৰ লগত থকা এটা বেগৰ ভিতৰৰ পৰা দুটা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ২৩'০৮০ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দ হোৱা হেৰ'ইনখিনিৰ সৈতে জৰিত নাগালেণ্ডৰ মোককচং জিলাৰ মাওংকাবা কেচু আৰু ইংকুমালিবা লংকুমাৰক আটক কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক: Crime in Barpeta:হাউলীত পিষ্টলসহ গ্ৰেপ্তাৰ দুই দুধৰ্ষ ডকাইত