Opium Seized : নিষিদ্ধ আফিংসহ ৰঙিয়া আৰক্ষীৰ জালত দুজন - rangia police latest news
🎬 Watch Now: Feature Video


Published : Oct 17, 2023, 11:59 AM IST
ৰঙিয়া,17 অক্টোবৰ: ৰঙিয়াত 4 কেজি নিষিদ্ধ আফিংসহ নগদ দুই লাখ টকা জব্দ । উদ্ধাৰ হোৱা আফিংখিনিৰ বজাৰ মূল্য 24 লাখ 60 হাজাৰ বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । পাঞ্জাৱৰ পৰা PB 10 FF 4025 নম্বৰৰ ট্ৰাকখনত প্ৰায় 4 কেজি 34 গ্ৰাম নিষিদ্ধ আফিং কঢ়িওৱাৰ সময়তে ৰঙিয়াৰ উৰণ সেতুৰ ওপৰত আৰক্ষীয়ে চলোৱা অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ আফিংখিনি ৷
ঘটনা সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ কৰে ৰঙিয়া আৰক্ষীয়ে । এক গোপন খবৰৰ ভিত্তিত সোমবাৰে নিশা 27 নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাইছিল ৰঙিয়া আৰক্ষীয়ে । ট্ৰাকখনৰ বিশেষ স্থানত কঢ়িয়াই অনা হৈছিল নিষিদ্ধ আফিংখিনি ৷ লগতে পাঁচশ টকীয়া চাৰিটা বাণ্ডিলো উদ্ধাৰ কৰে আৰক্ষীয়ে । ধৃত দুই সৰবৰাহকাৰী হৈছে পাঞ্জাবৰ লুধিয়ানা জিলাৰ আখাৰা গাঁওৰ যশৱিন্দৰ সিং আৰু লুধিয়ানা গাঁৱৰ দলজিৎ সিং ।
অধিক তথ্যৰ বাবে ৰঙিয়া আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: BDO Arrested in Hojai : উৎকোচ লৈ গ্ৰেপ্তাৰ খণ্ড উন্নয়ন বিষয়া, মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ প্ৰতিক্ৰিয়া