thumbnail

Beats student badly : ঘৰুৱা শিক্ষকৰ প্ৰহাৰত আহত পঞ্চম শ্ৰেণীৰ ছাত্ৰ, অভিভাৱকৰ এজাহাৰ দাখিল

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 7:52 AM IST

যোৰহাট, 11 অক্টোবৰ: যোৰহাট জিলাৰ মৰিয়নীত এগৰাকী ছাত্ৰক নিৰ্মমভাৱে প্ৰহাৰৰ অভিযোগ উত্থাপন হৈছে এগৰাকী শিক্ষকৰ বিৰুদ্ধে ৷ মৰিয়নীৰ ৰেলৱে বেংগলী স্কুলৰ পঞ্চম শ্ৰেণীত অধ্যয়নৰত জাকিৰ হুচেইন নামৰ ছাত্ৰজনক অতি নিৰ্মমভাবে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে পিউচ নামৰ এজন ঘৰুৱা শিক্ষকৰ বিৰুদ্ধে ।

ভুক্তভোগী পৰিয়ালটোৱে জানিবলৈ দিয়া মতে, ঘৰুৱা শিক্ষকগৰাকীয়ে পাঠদান কৰাৰ সময়ত সৰু সৰু কথাতে নিৰ্দয়ভাৱে ছাত্ৰজনক প্ৰায়ে প্ৰহাৰ কৰি আহিছিল ৷ ছাত্রজনে শিক্ষকজনৰ প্ৰহাৰত যিমানেই চিঞৰিছিল, সিমানেই বেছি শিক্ষকজনে ছাত্রজনক প্ৰহাৰ কৰিছিল বুলি অভিযোগ উঠিছে ৷ সম্প্ৰতি আঘাতপ্ৰাপ্ত ছাত্রজনৰ অভিভাৱকে অভিযুক্ত ঘৰুৱা শিক্ষকগৰাকীৰ বিৰুদ্ধে মৰিয়নি থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব দিয়ে । 

আনকি অভিযুক্ত শিক্ষকগৰাকীয়ে ছাত্র জনক শিক্ষা প্ৰদানৰ নামত প্ৰহাৰ কৰাৰ ভিডিঅ’ বিয়পি পৰাৰ পিছত সচেতন সমাজে একেমুখে গৰিহণা দিয়া পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: Akhand Bharat Yatra: জোনাইৰ পৰা আৰম্ভ ভোটাৰ পেঞ্চন আৰু অখণ্ড ভাৰত যাত্ৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.