Cattle Smuggling: গৰুভৰ্তি ট্ৰাক জব্দ ; সৰবৰাহকাৰীক আটক কৰিবলৈ যোৱা কনিষ্টবল আহত - Cattle Smuggling at Makum
🎬 Watch Now: Feature Video
তিনিচুকীয়া, ৮ জুন: ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা (Cattle Smuggling at Makum)৷ বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ৪:৩০ বজাত স্থানীয় দল সংগঠনৰ সহযোগত মাকুম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰজ্যোতি বৰুৱাৰ তত্বাৱধানত যান বাহন মেজৰ ৰমেন শৰ্মাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন 14 চকীয়া গৰু ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় (Truck loaded with cattle seized) ৷ আৰক্ষীৰ দলটোৱে মাকুম ট্ৰেফিক পইণ্টৰ পৰা খেদি খেদি মাকুম জে কে এমৰ সমীপত ট্ৰাক খন জব্দ কৰে ।
প্ৰথম অৱস্থাত আৰক্ষীয়ে বাহনখন ৰখাবলৈ ইংগিত দিছিল যদিও ট্ৰাকখন নোৰোৱাকৈ পলায়ন কৰিবলৈ চেষ্টা কৰাত আৰক্ষীৰ দলটোৱে খেদি গৈ ট্ৰাকখনখন জব্দ কৰে। ট্ৰাকখনত প্ৰায় ৩০ ৰ পৰা ৩৫ টাকৈ বলধ গৰু অবৈধভাৱে কঢ়িয়াই অনা হৈছিল । ট্ৰাকখনৰ চালকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি ক’লা ৰঙৰ এখন স্কৰপিঅ’ বাহনে ট্ৰাকখনক পথ দেখুৱাই আগে আগে আহিছিল ৷ গৰুকেইটা ক’ৰপৰা আনিছিল সেয়া অজ্ঞাত যদিও শ্বিলঙলৈ লৈ যাব বুলি সদৰী কৰে চালকজনে ৷
কিন্তু ইমান উৎকট গৰমত প্ৰকৃততে ৩০ৰ পৰা ৩৫ টাকৈ গৰু এনেদৰে এখন বাহনত লৈ যোৱাটো আচলতে কিমান গ্ৰহণযোগ্য ? পৰৱৰ্তী সময়ত গৰুভৰ্তি ট্ৰাকখন মাকুম আৰক্ষী থানালৈ লৈ যোৱা হৈছে ৷ মাকুম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰজ্যোতি বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
উল্লেখ্য যে, পৰৱৰ্তী সময়ত দিনৰ ভাগত মাকুম আৰক্ষীয়ে এক পৰিকল্পনা প্ৰস্তুত কৰিছিল সৰবৰাহকাৰীটোক আটক কৰিবলৈ । তেনে সময়তে এখন বগা ৰঙৰ এখন Aura Hyundai বাহনত নিজকে গৰু সৰবৰাহ কৰা ট্ৰাকৰ মালিক বুলি পৰিচয় দিয়া তিনিচুকীয়াৰ এজন লোক মাকুমত উপস্থিত হয় । লোকজনে কিছু লোকৰ সৈতে কথা-বতৰা পাতি থকাৰ মাজতে আৰক্ষীয়ে আটক কৰিবলৈ কাষ চপাৰ লগে লগে এক ভয়ংকৰ ঘটনা সংঘটিত কৰে সৰবৰাহকাৰীটোয়ে ।
Aura Hyundai বাহনৰ পৰা সৰবৰাহকাৰীটোক আটক কৰিবলৈ লোৱা এজন আৰক্ষী কনিষ্টবলজনক বাহনখনে বহু দূৰ চোঁচৰাই লৈ যায় ৷ এই সমগ্ৰ ভয়ংকৰ ঘটনা পথৰ কাষৰ চিচি টিভি কেমেৰাত আৱদ্ধ হৈছে । আঘাতপ্ৰাপ্ত কনিষ্টবলজনক পৰৱৰ্তী সময়ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । অৱশ্যে নিজকে গৰু সৰবৰাহ কৰা ট্ৰাকৰ মালিক বুলি পৰিচয় দি পৰৱৰ্তী সময়ত আৰক্ষী কনিষ্টবলজনক বহু দূৰ চোঁচৰাই লৈ যোৱা লোকজন তিনিচুকীয়াৰ আহমেদ উপাধিৰ বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে সৰবৰাহকাৰীটোৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: Merapani theft incident: চিকিৎসালয়ৰ জেনেৰেটৰৰ বেটাৰী লৈ গ’ল চোৰে