Tribute to martyred farmers: ৰঙিয়াত শ্বহীদ কৃষকলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

By

Published : Jan 10, 2023, 6:58 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

ৰঙিয়াৰ ঐতিহ্যমণ্ডিত কৃষক শ্বহীদ ভৱনত কৃষকসকলৰ চৰম ত‍্যাগক মৰ্যাদা দি বছৰেকীয়া উৎসৱ পালন (Tribute to martyred farmers)। ১৮৯৪ চনৰ ১০ জানুৱাৰীত বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ হৈছিল ঐতিহাসিক ৰঙিয়াত । সেইদিনাই ৰঙিয়াত ৰাইজমেল বহিছিল । বৃটিছে কৃষকৰ ওপৰত অন‍্যায়ভাৱে জাপি দিয়া খাজনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল ৰঙিয়াৰ কৃষকসকলে (Raij mel in Rangia)। সেই বিদ্ৰোহ দমন কৰিবলৈ ইংৰাজ সকলে গুলীচালনা কৰিছিল । যাৰ ফলত শ্বহীদ হৈছিল কেইবাজনো কৃষক (Martyred farmers in Rangia)। সেই কৃষকসকলৰ চৰম ত‍্যাগক মৰ্যাদা দি তেতিয়াৰ পৰাই ১০ জানুৱাৰীৰ দিনটোত ৰাইজমেলৰ বছৰেকীয়া উৎসৱ পালন কৰি আহিছে ৰঙিয়াবাসী ৰাইজে । মঙলবাৰে ৰঙিয়াৰ ঐতিহ্যমণ্ডিত কৃষক শ্বহীদ ভৱন প্ৰাংগনত সেই মহান শ্বহীদসকলক শ্ৰদ্ধা জনোৱা হয় । অনুষ্ঠানটোৰ লগত সংগতি ৰাখি কৃষক আন্দোলনৰ বীৰ যোদ্ধাসকলৰ নাম আৰু ফলক উন্মোচন কৰে ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই (Rajya Sabha MP Bhubaneshwar Kalita) । এই উপলক্ষে অনুস্থিত এক সভাত সেই দৃঢ়মনা কৃষকসকলৰ অন‍্যায়ৰ বিৰুদ্ধে যুঁজাৰ যি মানসিকতা, সেই মানসিকতাক সগৌৰৱে সোঁৱৰণ কৰা হয় । ৰাজ‍্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাৰ সভাপতিত্বত অনুস্থিত সভাখনত ৰঙিয়াৰ বিশিষ্ট লোকসকলে ৰঙিয়াৰ সেই কৃষকসকল সকলোৰে গৌৰৱৰ প্ৰতীক বুলি মন্তব্য কৰে । সাংসদ ভূৱনেশ্বৰ কলিতাই কৃষক শ্বহীদ ভৱনৰ লগতে শ্বহীদ স্তম্ভটো এক জাকত জিলিকা অনুষ্ঠানলৈ ৰূপান্তৰিত কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে । বছৰেকীয়া উৎসৱ উপলক্ষে প্ৰকাশ কৰা ৰঙিয়াৰ ৰাইজমেল সম্পৰ্কীয় পত্ৰিকাও উন্মোচন কৰে সাংসদ কলিতাই ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.