thumbnail

Dhing Police:যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ মৈৰাবাৰী আৰক্ষী

By

Published : Aug 3, 2023, 4:13 PM IST

ধিং,3 আগষ্ট: যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে মৈৰাবাৰী আৰক্ষী ৷ আসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইটৰ পাচতে মৈৰাবাৰী আৰক্ষী সষ্টম হৈছে ৷ বুধবাৰে মৈৰাবাৰী পুলিচ পইন্টত মৈৰাবাৰী আৰক্ষীয়ে যান-বাহন আইন উলংঘনকাৰীৰ বিৰোদ্ধে অভিযান চলাইছিল  ৷ হেলমেট পৰিধান নকৰা বাইক আৰোহীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই ৷ অভিযানৰ সময়ত হেলমেট পৰিধান নকৰা আৰোহীৰ বাইক জব্দ কৰা হয় ৷ জব্দ কৰা বাইকসমূহ থানালৈ লৈ যোৱা অৱস্থাত আৰক্ষীক একাংশ লোকে বিভিন্ন প্ৰশ্নৰে ব্যতিব্যস্ত কৰিছিল ৷ পৰৱৰ্তী সময়ত এই ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়  ৷ 

সমগ্ৰ ঘটনা সন্দৰ্ভত ৭ জনকৈ লোকক বৰ্তমান গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । গ্ৰেপ্তাৰ কৰা লোক কেইজন ৰিব্বুল হুছেইন,জাকাৰিয়া,বাহাৰুল ইছলাম, দিলদাৰ হুছেইন, দিলদাৰ, খাইৰুল ইছলাম, ৰাতুল আহমেদ বুলি জানিব পৰা গৈছে । মৈৰাবাৰীত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ লগতে কেইবাজনো বিষয়া উপস্থিত হৈ ঘটনাত লগত জড়িত পলাতকসকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । 

লগতে পঢ়ক:Nagaon police: নগাঁৱত অসম আৰক্ষী জিন্দাবাদ ধ্বনি ৰাইজৰ, কিন্তু কিয় !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.