thumbnail

Operation Kurukhetra: খানাপাৰাৰ ৰাজপথত পৰিবহন বিভাগৰ অপাৰেশ্যন কুৰুক্ষেত্ৰ

By

Published : Feb 10, 2023, 2:28 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

গুৱাহাটী,১০ ফেব্ৰুৱাৰী: ১ ফ্ৰেব্ৰুৱাৰীৰ তপৰা ৰাজ্যজুৰি আৰম্ভ হৈছে পৰিবহন বিভাগৰ অপাৰেশ্যন কুৰুক্ষেত্ৰ । যান-বাহনৰ যাৱতীয় কৰ আৰু নথি-পত্ৰ নৱীকৰণ নকৰাকৈ ৰাজপথত চলাচল কৰা বাহনৰ বিৰুদ্ধে পৰিবহণ বিভাগে ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিছে ‘অপাৰেশ্যন কুৰুক্ষেত্ৰ’ । অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উদ্যোগত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ মহানগৰ জিলাতো “অপাৰেচন কুৰুক্ষেত্ৰ” নামেৰে ব্যাপক অভিযান চলাই থকা হৈছে(Operation Kurukhetra in Guwahati) । 

বিগত দিনবোৰত যিসমূহ যান-বাহনে যাৱতীয় নথি-পত্ৰ নৱীকৰণ নকৰাৰ লগতে কৰ-কাটল আদায় নিদি সম্পূৰ্ণ অন্যায়ভাৱে ৰাজপথত চলি আছে সেইসমূহক উচিত শিক্ষা দিবলৈ পৰিবহণ বিভাগে ৰাজপথত আৰম্ভ কৰিছে অপাৰেচন কুৰুক্ষেত্ৰ(Transport Departments Operation Kurukshetra) । উল্লেখ্য যে, যান-বাহনৰ নথিপত্ৰ নৱীকৰণ আৰু যাৱতীয় কৰ পৰিশোধৰ বাবে যোৱা ৩১ জানুৱাৰীলৈ চূড়ান্ত সময়সীমা ঘোষণা কৰিছিল পৰিবহণ বিভাগে । 

কিন্তু সময়সীমা বান্ধি দিয়াৰ পিছতো বিভাগৰ নিৰ্দেশনালৈ অৱমাননা কৰি গুৱাহাটী মহানগৰীতে কেইবাকোটি টকাৰ যানবাহন কৰ আদায় নিদিয়াকৈ বহু ব্যক্তিগত বিলাসী বাহনৰ লগতে বিভিন্ন ব্যৱসায়িক যানবাহন চলাই আছে ৷ সেয়েহে শুকুৰবাৰে অপাৰেচন কুৰুক্ষেত্ৰৰ অংশ স্বৰূপে মহানগৰীৰ খানাপাৰাত জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসৰ নেতৃত্বত পৰিবহন বিভাগৰ এটা বৃহৎ দলে অভিযান চলাই । অভিযানকালত এঘন্টাৰ ভিতৰতে ৩০ খনৰো অধিক বাহন জব্দ কৰাৰ লগতে জৰিমনা বিহি যানবাহন আইনৰ অধীনত বিভিন্ন গোচৰ ৰুজু কৰা হৈছে । 

শুকুৰবাৰে এই অভিযান সন্দৰ্ভত জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে(District Transport Officer Himanshu Kumar Das) যানবাহনৰ গৰাকীসকলক অতি শীঘ্ৰে যান-বাহনৰ নথিপত্ৰ নৱীকৰণ আৰু যাৱতীয় কৰ পৰিশোধ কৰিবলৈ আহ্বান জনাই ৷ অন্যথা সুৰক্ষিত যাতায়তৰ প্ৰতি ভাবুকি সৃষ্টি কৰা কোনো বাহনকেই ৰাজপথত উঠিবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰে হিমাংশু কুমাৰ দাসে । এই অভিযান G20 ৰ বাবে কিছু শিঠিল ৰূপত চলি আছিলে যদিও শুকুৰবাৰৰ পৰাই দিনে নিশাই অধিক তীব্ৰতৰ কৰা হ'ব বুলি জানিবলৈ দিয়ে পৰিবহন বিষয়াগৰাকীয়ে । 

উল্লেখ্য যে, এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলি ৰাজপথত সকলো সময়তে সুৰক্ষিত যাতায়ত বাহাল ৰাখিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা নিৰ্দেশনাৰ ভিত্তিত পৰিবহণ বিভাগে প্ৰতিদিনেইৰাজহুৱা ঘোষণা, প্ৰচাৰ পুস্তিকা বিতৰণ, সজাগতা অনুষ্ঠান আদিৰ জৰিয়তে সকলো শ্ৰেণীৰ জনতাৰ মাজত সচেতনতা সৃষ্টি  কৰিবলৈ প্ৰচেষ্টা চলাইছে ৷ ইমানৰ পাছতো বহু যান-বাহনৰ গৰাকীয়ে ৰাজপথত বেআইনীভাৱে যানবাহন চলাই সুৰক্ষিত যাতায়াতত ব্যাঘাত জন্মাইছে । সেয়ে অধিক কঠোৰ হৈ পৰিছে পৰিবহন বিভাগ । 

লগতে পঢ়ক: ULFA I Cadre Gunned down: নিহত আলফা (স্বাঃ)ৰ কেডাৰ উদয় অসমক অমৰ মৃতক ঘোষণা

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.