thumbnail

সৰুপথাৰত গোলাঘাট পৰিবহণ বিভাগৰ তালাচী অভিযান

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 10:35 PM IST

সৰুপথাৰ, ২৮ ডিচেম্বৰ : গোলাঘাট জিলা পৰিবহণ বিভাগৰ লগতে ধনশিৰি মহকুমা প্ৰশাসন আৰু আবকাৰী বিভাগৰ তালাচী অভিযান । সৰুপথাৰ নগৰৰ মাজ-মজিয়াত আগন্তক নৱবৰ্ষৰ প্ৰাকক্ষণত জনসাধাৰণক সজাগ কৰিবলৈ এই তালাচী অভিযান চলোৱা হৈছে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, সৰুপথাৰৰ লগতে সৰুপথাৰ উপ-জিলাৰ অন্য প্ৰান্ততো আৰক্ষীয়ে চলাই তালাচী অভিযান । মটৰ চাইকেলত হেলমেট পৰিধান নকৰা ব্যক্তি, বিলাসী বাহনত চিট বেল্ট ব্যৱহাৰ নকৰা লোকসকলৰ লগতে সুৰাপান কৰা লোকসকলৰ বিৰুদ্ধে পৰিবহণ বিভাগে চলাই অভিযান ৷

বহুতক ইতিমধ্যে জৰিমনা বিহিছে বুলি জানিবলৈ দিছে আৰক্ষীয়ে । ৩১ ডিচেম্বৰৰ লগতে নৱবৰ্ষৰ প্ৰাকক্ষণত যাতে সুৰা জাতীয় তথা মাদক দ্ৰব্য সেৱন কৰি দুৰ্ঘটনাত পতিত হৈ নিজৰ জীৱনটো যাতে হেৰুৱাবলগীয়া নহয় সেই উদ্যেশ্যৰে জনসাধাৰণক সজাগ কৰিবলৈ পৰিবহণ বিভাগে এই অভিযান চলায় বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : মেৰাপানীৰ নেঘেৰী বিল বনভোজস্থলীৰ পৰিচালনা সমিতি গঠন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.