MP Rewa Aircraft Crash: মধ্যপ্ৰদেশত প্ৰশিক্ষণৰত বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলট নিহত

By

Published : Jan 6, 2023, 2:09 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail
মধ্যপ্ৰদেশৰ ৰেৱা জিলাৰ চোৰহাটা চহৰ এয়াৰষ্ট্ৰিপত বৃহস্পতিবাৰে নিশা প্ৰায় ১ বজাত এক ডাঙৰ দুৰ্ঘটনা সংঘটিত হয় । উক্ত অঞ্চলত এখন প্ৰশিক্ষণৰত বিমান দুৰ্ঘটনাগ্ৰস্ত হয় (trainee aircraft crashed in Madhya Pradesh) । দুৰ্ঘটনাটোত পাইলটজনৰ লগতে প্ৰশিক্ষাৰ্থীজনো গুৰুতৰভাৱে আহত হয় । আনহাতে, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত আৰক্ষীৰ এটা দল তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হয় । তেওঁলোকে আহত দুয়োগৰাকীকে সঞ্জয় গান্ধী চিকিৎসালয়লৈ লৈ যায় যদিও তাত চিকিৎসাৰ সময়ত পাইলটজনৰ মৃত্যু হয় (pilot died in trainee aircraft crashed) । জানিব পৰা মতে, বিমানখনে হঠাতে চোৰহাটা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত উমৰি গাঁৱৰ এটা মন্দিৰৰ গম্বুজত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় (aircraft crashed in Rewa MP) । ঘটনাৰ লগে লগে জিলা প্ৰশাসনৰ লোকসকল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰকাৰ্য চলায় । বৰ্তমান দুৰ্ঘটনাটোৰ তদন্ত চলি আছে । উল্লেখ্য, বিমানখন প্লাটন প্ৰশিক্ষণ কোম্পানীৰ আছিল ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.