thumbnail

By

Published : Dec 30, 2022, 4:35 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

ETV Bharat / Videos

Nokhowa Festival at Charing : চাৰিং দেওধাই গাঁৱত পৰম্পৰাগত ন-খোৱা উৎসৱ পালন

বছৰ বছৰ ধৰি ৰাজহুৱাকৈ শিৱসাগৰৰ ঐতিহাসিক চাৰিং দেওধাই গাঁৱত পালন কৰি অহা হৈছে ন-খোৱা উৎসৱ (Nokhowa Festival at Charing) ৷ এইবাৰো ব্যতিক্ৰম নহয় ৷ শুকুৰবাৰে চাৰিং দেওধাই গাঁৱত পালন কৰা হয় ন-খোৱা উৎসৱ (Nokhowa Festival held at Charing) ৷ য’ত সকলো ৰাইজকে আহোমৰ পৰম্পৰাগত খাদ্য (Traditional food of Ahom) যেনে- গাহৰি মাংস, চেৱা দিয়া ভাত, হাঁহ মাংস, বৰালী মাছ আদিৰে এসাঁজ লগে ভাগে খায় ৷ লগতে এই ন-খোৱা উৎসৱতে টাই ধৰ্মাৱলম্বী লোকসকলে ধৰ্মীয় ৰীতি-নীতিৰে পয় কিন অন্ মৌও উৎসৱ পালন কৰে । ইয়াতে টাই ধৰ্মীয় পণ্ডিতে উপৰি পুৰুষক স্মৰণ কৰি, মেহেঙা প্ৰতিষ্ঠা কৰাৰ লগতে বৰা চাউল, কুকুৰা কণী, লোক লাউৰ লগতে বহুকেইবিধ সামগ্ৰী অৰ্পণ কৰি সকলোৰে মংগল কামনা কৰে ৷
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.