Community Fishing: বৰদোলা বিলত জাল জাকৈ পল লৈ সমূহীয়া মৎস চিকাৰ

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 2:20 PM IST

thumbnail

গোৱালপাৰা, ১৪ ছেপ্টেম্বৰ : গোৱালপাৰাত সমূহীয়া মৎস চিকাৰ । সমূহীয়াভাৱে মাছ ধৰাৰ আনন্দেই সুকীয়া ৷ আৰু এই আনন্দ উপভোগ কৰাৰ লক্ষ্যৰ লগতে জুতি লগাই এসাঁজ খোৱাৰ মানসেৰে মাছ ধৰিবলৈ ওলাই আহিল শ শ পুৰুষ মহিলা । জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰাও মৎস চিকাৰৰ বাবে আহিছে পুৰুষ মহিলা ।

বৃহস্পতিবাৰে গোৱালপাৰা জিলাৰ টিপলাইৰ বৰদোলা বিলত মাছ ধৰিবলৈ নামিল ৫ শতাধিক পুৰুষ-মহিলা । কোনোৱে জাল লৈ মাছ মৰাত ব্যস্ত, তেন্তে আন কোনোৱে আকৌ পলৰে ধৰিছে মাছ । বৰালি, শ’ল, পুঠি, খলিহনা আদি বিভিন্ন থলুৱা মাছৰ লগতে একাংশ জনজাতীয় মহিলাই আকৌ সংগ্ৰহ কৰিছে শামুকো ।

বহু দূৰ-দূৰণিৰ পৰা শ শ পুৰুষ-মহিলা বিলত আহি ব্যস্ত হ’ল সমূহীয়া মাছ ধৰা পৰ্বত । হাঁহি -ধেমালিৰে টিপলাই বৰদোলা বিলত আনন্দ ল'লে এই মহিলাসকলে । সমান্তৰালকৈ বিলত মাছ ধৰি জুইত পুৰি বিলৰ পাৰতে বহি দুপৰীয়াৰ এসাঁজ খালে জনজাতি পৰুষ-মহিলাই ৷

লগতে পঢ়ক : Dangerous Boat Journey: দলং নাই; বছৰ বছৰ ধৰি টুলুঙা নাৱেৰে চেঙাজানত ৰাইজৰ বিপদসংকুল যাত্ৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.