Ten Rupees Coin : ৰিজাৰ্ভ বেংকে নিষিদ্ধ নকৰা 10 টকীয়া মুদ্ৰা কিয় গ্ৰহণ নকৰে বহু ঠাইত ? - reserve bank 10 rupee coin
🎬 Watch Now: Feature Video
Published : Nov 10, 2023, 10:41 PM IST
বিহপুৰীয়া, 10 নৱেম্বৰ : 2005 চনত ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰচলন কৰা 10 টকীয়া মুদ্ৰাটোৰ অৱস্থা এতিয়া নাজল-নাথল হৈছে ৷ লৈ ফুৰিবলৈ ওজনেই বেছি পায়নে, ক’ৰবাত পৰি যোৱাৰ ভয়েই থাকে সেয়া আমি নাজানো ৷ কিন্তু বহু ঠাইৰ ব্যৱসায়ীয়েই হওঁক অথবা গ্ৰাহকেই হওঁক 10 টকীয়া মুদ্ৰা গ্ৰহণ নকৰে ৷
এই সন্দৰ্ভত ইটিভি ভাৰতৰ সাংবাদিক কাষ চাপিছিল লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ একাংশ গ্ৰাহক, ব্যৱসায়ীৰ উপৰিও বেংক বিষয়াৰ ৷ কিন্তু মন্তব্যবোৰ এনেধৰণৰ যে, ব্যৱসায়ীয়ে কয় বেংকে গ্ৰহণ নকৰে 10 টকীয়া মুদ্ৰা ৷ গ্ৰাহকে কয় ব্যৱসায়ীয়ে গ্ৰহণ নকৰে ৷ ইফালে বেংকৰ বিষয়াই কয় তেওঁলোকে গ্ৰহণ কৰে কিন্তু গ্ৰাহকেহে তেওঁলোকক নিদিয়ে ৷
উল্লেখ্য যে কেৱল লখিমপুৰ জিলাই নহয়, উজনি অসমৰ প্ৰায়সমূহ অঞ্চলতে কোনেও গ্ৰহণ নকৰে 10 টকীয়া মুদ্ৰা ৷
লগতে পঢ়ক : Scam in Tezpur : তেজপুৰত আঠ কোটি টকীয়া বেংক কেলেংকাৰী; বেংক কৰ্মচাৰীসহ দুজন পলাতক