এশ টকীয়া লটাৰী টিকট কিনি ৭৬ লাখ টকীয়া Range Rover ৰ গৰাকী হ’ল ইনজামামুল - হাউলী ৰাস মহোৎসৱ উদযাপন
🎬 Watch Now: Feature Video


Published : Dec 11, 2023, 3:34 PM IST
বৰপেটা, ১১ ডিচেম্বৰ : আনন্দত আত্মহাৰা হৈ পৰিছে ইনজামামুল হক ৷ কিয়নো একে ৰাতিৰ ভিতৰতে ৭৬ লাখ টকীয়া ৰেঞ্জ ৰ’ভাৰৰ গৰাকী হ’ল দৰিদ্ৰ পৰিয়ালৰ যুৱক ইনজামামুল হক ৷ সকলোৰে জ্ঞাত যে হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত ‘‘বহুমুখী সাংস্কৃতিক প্ৰকল্প’’ নিৰ্মাণৰ সাহায্যাৰ্থে আয়োজন কৰা হৈছিল উপহাৰ কুপন খেল ৷
এই খেলৰ প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে হাউলীৰ উত্তৰ কালঝাৰৰ ইনজামামুল হকে । ইনজামামুল হক পেচাত এগৰাকী ট্ৰেক্টৰ চালক । উল্লেখ্য যে ইনজামামুল হকৰ লগতে তেওঁৰ ভিনীহিয়েকে ছাইফুল ইছলামেও এই খেলত লাভ কৰিবলৈ সক্ষম হ’ল পুৰস্কাৰ ৷
জানিব পৰা মতে, ছাইফুল ইছলামে লাভ কৰিছে পঞ্চদশ পুৰস্কাৰ Hyundai Grand i10 NIOS । ইনজামামুলৰ ভিনীহিয়েক ছাইফুলৰ ঘৰ জনীয়াৰ ছিতলী গাঁৱত ।
লগতে পঢ়ক : নটসূৰ্যৰ উদ্যোগত সপ্তবিংশতিতম্ পাঁচদিনীয়া বাৰ্ষিক নাট সমাৰোহ