Bongaigaon District Day: বঙাইগাঁও জিলা প্ৰতিষ্ঠা দিৱস পালন - জিলা আয়ুক্ত নৱদ্বীপ পাঠক

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 10:02 PM IST

বঙাইগাঁও,10 অক্টোবৰ : আজি 64 তম বঙাইগাঁও জিলা প্ৰতিষ্ঠা দিৱস ৷ বঙাইগাঁও জিলা দিৱস উপলক্ষে পুৱাৰ পৰাই বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হৈছে জিলাখনৰ বিভিন্ন প্ৰান্তত ৷ মঙলবাৰে বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত সন্ধিয়া বঙাইগাঁও টাউনৰ মাজমজিয়াত থকা ৱাকিংজনত এক সভাৰ আয়োজন কৰা হয় ৷ উক্ত সভাতে বঙাইগাঁও জিলা আৰু পুৰণি কালৰ বঙাইগাঁও জিলাৰ ওপৰত আলোচনা কৰে ৷ এই সভাতে উপস্থিত থাকে বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, জিলা আয়ুক্ত নৱদ্বীপ পাঠক, কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মনসহ বঙাইগাঁও জিলাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷

‘‘ৰাজ্যৰ ভিতৰতে জাকত-জিলিকা জিলা হৈছে বঙাইগাঁও ৷ শিক্ষা, স্বাস্থ্য, কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত আগবাঢ় বঙাইগাঁও ৷ ৰে’ল পথ পৰা আৰম্ভ কৰি সকলো দিশ পৰা সংযোগ কৰিব পৰা ব্যৱস্থা আছে ৷’’ এই মন্তব্য মন্ত্ৰী দাসৰ

লগতে পঢ়়ক;Gold Seized in Bongaigaon: ৰে’লত সোণৰ বিস্কুট কঢ়িয়াই জালত পৰিল বিপিন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.