Sushmita Dev on Angkita Dutta: অংকিতা দত্তক কিয় সাৱধান হ’বলৈ সকীয়ালে সাংসদ সুস্মিতা দেৱে ?

By

Published : Apr 27, 2023, 6:05 PM IST

thumbnail

নগাঁও, 27 এপ্ৰিল : অংকিতা দত্তৰ দৰেই প্ৰায় এবছৰ পূৰ্বে কংগ্ৰেছ ত্যাগ কৰিছিল বৰাকৰ প্ৰভাৱশালী নেত্ৰী সুস্মিতা দেৱে ৷ শেহতীয়াকৈ সমগ্ৰ দেশ জোঁকাৰি যোৱা অংকিতা দত্তৰ অভিযোগ সন্দৰ্ভত বৰ্তমান তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে মন্তব্য আগবঢ়াইছে । অংকিতা দত্তক সাৱধান হ’বলৈ আহ্বান জনাইছে সাংসদ সুস্মিতা দেৱে (Sushmita Dev on Angkita Dutta harrasment case) ।

ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ নেতা শ্ৰীনিবাসৰ বিৰুদ্ধে অসমৰ অংকিতা দত্তই উত্থাপন কৰা নিৰ্যাতনৰ অভিযোগ আৰু অংকিতা দত্তক বহিস্কাৰ কৰাক লৈ অসমতে নহয় ৰাষ্ট্ৰীয় ৰাজনীতিতো ধুমুহাৰ সৃষ্টি কৰিছে । অংকিতা দত্তৰ অভিযোগ সন্দৰ্ভত অসম আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ সময়তে বৃহস্পতিবাৰে বিষয়টোক লৈ মন্তব্য কৰিছে কংগ্ৰেছৰ প্ৰাক্তন নেত্ৰী তথা বৰ্তমানৰ তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱে (TMC MP Sushmita Dev alerts Angkita Dutta) । 

বৃহস্পতিবাৰে নগাঁৱত উপস্থিত হৈ সুস্মিতা দেৱে অংকিতা দত্তক কিছু সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায় । অংকিতা দত্তক বিজেপিয়ে ভুল পথেৰে পৰিচালিত কৰি যাতে এই ঘটনাটোৰে ৰাজনৈতিক মুনাফা আদায় কৰিব নোৱাৰে এই ক্ষেত্ৰত অধিক সতৰ্ক হ’বলৈ অংকিতা দত্তক আহ্বান জনাইছে সুস্মিতা দেৱে । লগতে যি ৰাজনৈতিক দলত এগৰাকী মহিলা সুৰক্ষিত নহয় সেই ৰাজনৈতিক দলত কোনো মহিলাই আগবাঢ়ি নাযাই বুলি উল্লেখ কৰি কংগ্ৰেছ দলেই অংকিতা দত্তৰ অভিযোগৰ এক নিৰপেক্ষ তদন্ত কৰি সকলো ৰাজহুৱা কৰিব লাগে বুলিও মত পোষণ কৰে তেওঁ । অংকিতা দত্তৰ অভিযোগ যদি সত্য তেন্তে অংকিতা দত্তই ন্যায় পাব লাগে বুলিও মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱে ।

লগতে পঢ়ক : Ankita Dutta tweet row: মিলা প্ৰীতিৰে সমস্যা সমাধান কৰিবলৈ কংগ্ৰেছ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.