AITMC slams Assam CM: হিমন্ত বিশ্ব শৰ্মাই অসমত দৰিদ্ৰতাৰ অভিলেখ সৃষ্টি কৰাৰ অভিযোগ তৃণমূল কংগ্ৰেছৰ - মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 1, 2023, 6:43 PM IST

গুৱাহাটী, ১ আগষ্ট: সোমবাৰে সংসদত তথ্য আৰু কাৰ্যসূচী ৰূপায়ণ বিভাগৰ ৰাজ্যমন্ত্ৰী ৰাও ইন্দৰজিৎ সিঙে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যাৰ সন্দৰ্ভত প্ৰকাশ কৰা তথ্যক লৈ মঙলবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই । মিডিয়া বিভাগৰ অধ্যক্ষগৰাকীয়ে কয়, "অসমৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যা ১ কোটিতকৈও অধিক । ভাৰতবৰ্ষৰ ৩৫ ৰাজ্যৰ ভিতৰত এই সংখ্যা অষ্টম সৰ্বাধিক । অৰ্থাৎ বিজেপি চৰকাৰে অসমৰ ৰাইজৰ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ তিলমাত্ৰও প্ৰয়াস কৰা নাই ।"

শৰ্মাই আৰু কয়, "কথাই কথাই মিছা তথ্যৰে অসমৰ অৰ্থনৈতিক অৱস্থা ভাল বুলি আভুৱা ভৰাত পাকৈত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ নিৰ্বাচনমুখী এজেণ্ডা পূৰণ কৰি কেৱল হিতাধিকাৰী সৃষ্টিকেই মুখ্য ব্ৰত হিচাপে ভাবি লৈছে । কৰ্মসংস্থাপন সৃষ্টি, উৎপাদনশীলতা বৃদ্ধি আদিৰে অৰ্থনৈতিক অৱস্থা শক্তিশালী কৰি জনমূৰি আয় বৃদ্ধিৰ চিন্তা কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰী কেৱল ভোট বেংকৰ অংকত ব্যস্ত" বুলি তেওঁ মন্তব্য কৰে ।

ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰাৰ পদক্ষেপ লৈ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যা হ্ৰাসৰ বাবে কাম কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই দাবী জনায় ।

লগতে পঢ়ক: INDIA MPs Meet : মণিপুৰৰ পৰিস্থিতিৰ ওপৰত ইণ্ডিয়া মিত্ৰজোঁটৰ সাংসদসকলৰ ৰণনীতি বৈঠক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.