thumbnail

By

Published : Feb 3, 2023, 2:51 AM IST

Updated : Feb 3, 2023, 8:40 PM IST

ETV Bharat / Videos

Titabar Municipal Board : বিজেপি জিলা সভাপতিৰ একনায়কত্ববাদত অতিষ্ঠ হৈ তিনি ৱাৰ্ড সদস্যৰ পদত্যাগ

যোৰহাট, 2 ফেব্ৰুৱাৰী : বিজেপি নেতাৰ দুৰ্নীতিত অতিষ্ঠ হৈছে খোদ দলীয় কৰ্মী ৷ নেতাৰ বিৰুদ্ধে ক্ষোভ উজাৰি প্ৰাথমিক সদস্যপদ পৰ্যন্ত ত্যাগ কৰিবলৈ বাধ্য হৈছে ৷ জিলা  সভাপতিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি তিতাবৰৰ তিনি বিজেপি কৰ্মীয়ে ইতিমধ্যে পদত্যাগ পত্ৰ দাখিল কৰিছে (Titabor BJP member resigns)৷ তিতাবৰ পৌৰসভাৰ তিনি সদস্যই পদত্যাগ পত্ৰ দাখিলৰ পাছতে স্পষ্ট হৈ পৰিছে বিজেপিৰ অন্তঃকন্দলৰ লগতে দলীয় নেতাৰ দুৰ্নীতি ৷

তিতাবৰ বিজেপিৰ জিলা সভাপতি, পৌৰপতি, উপ-পৌৰপতিৰ বিৰুদ্ধে একনায়কত্ববাদৰ অভিযোগ তুলি তিনি ৱাৰ্ড সদস্যই পদত্যাগ কৰিলে ৷ ফলত শীঘ্ৰে পতনৰ দিশে অগ্ৰসৰ হৈছে তিতাবৰ পৌৰসভা ৷ মন কৰিবলগীয়া যে, তিতাবৰ পৌৰসভাত ৫৬ লাখ টকাৰ দুৰ্নীতিৰ অভিযোগ তুলি শাসনাধিষ্ঠ বিজেপি দলৰ তিনি ৱাৰ্ড সদস্যই দলৰ পৰা পদত্যাগ কৰাৰ দৰে এক সাহসী পদক্ষেপ গ্ৰহণ কৰিছে ৷ দুৰ্নীতিৰ অভিযোগ তুলি তিনিগৰাকীকৈ ৱাৰ্ড সদস্যই পদত্যাগ কৰাৰ ফলত যিকোনো মুহূৰ্তত ভংগ হ’ব পাৰে তিতাবৰ পৌৰসভা ৷ তিতাবৰ পৌৰসভাত পানী যোগান আঁচনিৰ নামত সংঘটিত হৈছে এই বিয়াগোম দুৰ্নীতি (Scam in Titabar minicipal board)।

উক্ত দুৰ্নীতি আৰু অনিয়মত জড়িত হৈ থকা অভিযোগ উঠিছে তিতাবৰ সমষ্টি প্ৰাক্তন বিধায়ক তথা বিজেপিৰ যোৰহাট জিলা সভাপতি হেমন্ত কলিতাৰ বিৰুদ্ধে (Allegation against BJP leader Hemanta Kalita) ৷ নিবিদা অবিহনে জিলা সভাপতিগৰাকীয়ে নিজৰ আত্মীয়-স্বজন তথা নিজৰ সাংগো-পাংগোক ঠিকা দিলে 56 লাখ টকাৰ আঁচনিৰ ৷ ৱাৰ্ড কমিছনাৰসকলৰ অজ্ঞাতে জিলা সভাপতি হেমন্ত কলিতাই নিজৰ প্ৰভাব খটুৱাই বর্ড সভা অনুষ্ঠিত কৰি লৈছিল এই সিদ্ধান্ত ৷

জিলা সভাপতিগৰাকী লগতে এই দুৰ্নীতিত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে পৌৰপতি আৰু উপ-পৌৰপতিৰ বিৰুদ্ধে ৷ এই অনিয়মৰ বিৰুদ্ধে বিজেপিৰ দখলত থকা তিতাবৰ পৌৰসভাৰ (Titabar Municipal Board) তিনিজন বিজেপি দলৰ ৱাৰ্ড কমিছনাৰে পৌৰসভাখনৰ পৰা পদত্যাগ কৰাৰ লগতে বিজেপি দলৰ প্ৰাথমিক সদস্য পৰাও পদত্যাগ কৰিছে ৷ এই কাণ্ডই সমগ্ৰ তিতাবৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । উল্লেখ কৰাৰ প্ৰয়োজন যে যোৰহাট জিলা সভাপতিগৰাকীয়ে ক্ষমতাত বলিয়ান হৈ নিজৰ প্ৰভাৱ খটুৱাই একনায়কত্বভাবে কাম কৰি আহিছে ৷ ফলত নিষ্ঠাৱান বিজেপি কৰ্মীসকলৰ মাজত ক্ষোভৰ উদগীৰণ ঘটা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: Budgetary funds for Northeast: উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ধাৰ্য কৰা বাজেটৰ পুঁজি সম্পূৰ্ণ ৰূপে ব্যয় নকৰে কেন্দ্ৰই

Last Updated : Feb 3, 2023, 8:40 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.