BJP Meeting at Tinsukia: শীৰ্ষ নেতৃত্বৰ অনুমোদন পালেই শীঘ্ৰেই মনোনীত কৰা হ’ব তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি-উপ পৌৰপতি - তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি জয়ন্ত বৰুৱা
🎬 Watch Now: Feature Video
শীৰ্ষ নেতৃত্বৰ অনুমোদন পালেই অতি সোনকালে জিলা উপায়ুক্তৰ হাতত নৱনিৰ্বাচিত পৌৰপতি, উপ-পৌৰপতিৰ তালিকা প্ৰদান কৰা হ’ব ৷ সাংসদ পল্লৱলোচন দাসে(MP Pallab Lochan Das) শুকুৰবাৰে তিনিচুকীয়াত সদৰী কৰে এই কথা ৷ তিনিচুকীয়া জিলা বিজেপি কাৰ্যালয়ত শনিবাৰে আয়োজিত জিলা বিজেপিৰ এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক উপস্থিত থাকি এই মন্তব্য কৰে সাংসদগৰাকীয়ে(BJP Booth Level meeting in Tinsukia) ৷
উল্লেখ্য যে, তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি জয়ন্ত বৰুৱা(Tinsukia Municipality Chairman Expelled) আৰু উপ-পৌৰপতি নৱনীতা আগৰৱালাই (Tinsukia Municipality Vice Chairman Resign) বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ শেষৰ ফালে পদৰ পৰা পদত্যাগ কৰি জিলা উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছিল ৷ তিনিচুকীয়া পৌৰসভাখন গঠনৰ কিছুদিনৰ পাচৰে পৰাই পৌৰসভাই চহৰখনৰ উন্নয়নৰ পৰিবৰ্তে নিজৰ মাজত খোৱা-কামোৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছিল ৷ ইয়াৰ পাছৰে পৰা খালী হৈ আছে তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি আৰু উপ-পৌৰপতিৰ পদ ৷
তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি কুশকান্ত বড়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৈঠকখন সাংসদ তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰভাৰী পল্লৱলোচন দাসৰ লগতে তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ(Labour Welfare Minister Sanjay Kishan), ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ উপৰি জিলাখনৰ নেতৃত্ববৃন্দ তথা বিষয়ববীয়াসকলৰ উপস্থিতি থাকে ৷
বৈঠকখনত আগন্তুক লোকসভা নিৰ্বাচনৰ কাৰণে ডিব্ৰুগড় লোকসভা সমষ্টিটোৰ লগতে তিনিচুকীয়া জিলাখনত বিজেপিৰ তৃণমূল পৰ্যায়লৈকে সাংগঠনিক ভেঁটি শক্তিশালী কৰা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় ৷ সাংসদ তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰভাৰী পল্লৱলোচন দাসে ফেব্ৰুৱাৰী মাহত এই সন্দৰ্ভত এখন বিশদ পৰ্যালোচনা সভা অনুষ্ঠিত হোৱাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ বিভিন্ন বিধানসভা সমষ্টিত এই সভা আয়োজন কৰাৰ কথা সাংবাদিকৰ আগত সদৰী কৰে ৷
সাংসদগৰাকীয়ে সম্প্ৰতি বিতৰ্কৰ মাজত সোমাই পৰা তিনিচুকীয়া পৌৰসভা পুনৰ গঠন সম্পৰ্কতো বৈঠকত আলোচনা কৰাৰ কথা জানিবলৈ দিয়ে(Tinsukia Municipal Board) ৷ আগন্তুক দিনত যাতে জিলাখনৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি যাব পাৰে তাৰকাৰণে নতুনকৈ পৌৰপতি আৰু উপ-পৌৰপতি নিৰ্বাচনৰ ওপৰতো আলোচনা কৰাৰ কথা সাংসদগৰাকীয়ে উল্লেখ কৰে ৷