ভাইৰেল ভিডিঅ’: উত্তৰাখণ্ডৰ জিম কৰ্বেট উদ্যানত পৰ্যটকলৈ চোঁচা বাঘিনীৰ - ৰামনগৰ জিম কৰ্বেট পাৰ্ক

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 3:11 PM IST

নেশ্যনেল ডেস্ক, 7 জানুৱাৰী : বন্যপ্ৰাণীৰ বাবে বিশ্ববিখ্যাত উত্তৰাখণ্ডৰ ৰামনগৰ জিম কৰ্বেট উদ্যান । প্ৰতি বছৰে এই উদ্যানত অগণন পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হয় ৷ অৱশ্যে কেতিয়াবা কেতিয়াবা বন্যপ্ৰাণীৰ আক্ৰমণৰো বলি হ’ব লগা হয় পৰ্যটক ৷

শেহতীয়াকৈ জিম কৰ্বেট পাৰ্কৰ গাৰ্জিয়া টুৰিজিম জ’নত বাঘে আক্ৰমণ কৰিবলৈ অহা এটা ভিডিঅ’ই সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে ৷ য'ত হাবিৰ পৰা এজনী বাঘিনী ওলাই আহি পৰ্যটকৰ ফালে চোঁচা লোৱা দেখা পোৱা গৈছে ৷ অৱশ্যে কিছু সময়ৰ পাচতে বাঘিনীজনী পুনৰ হাবিৰ ফালে ঘূৰি যোৱা দেখা যায় ।

এই ভিডিঅ’টোৰ সন্দৰ্ভত বন্যপ্ৰাণীপ্ৰেমী তথা প্ৰকৃতি গাইড সঞ্জয় ছামালে কয়, ‘‘এয়া এক সাধাৰণ ঘটনা ৷ ভয়ৰ কোনো বিশেষ কাৰণ নাই ৷ ছাফাৰী কৰি থাকোতে প্ৰায়ে আমি এনেধৰণৰ ঘটনাৰ সন্মুখীন হওঁ ৷ যেতিয়া পৰ্যটক বন্যপ্ৰাণীৰ ওচৰলৈ যায়, তেতিয়া বন্যজীৱবোৰে ভয় খায় ৷ ভয়ত বিতত হৈ বন্য জীৱবোৰে কেতিয়াবা আচহুৱা আচৰণ কৰা দেখিবলৈ পোৱা যায়’’ ৷

লগতে পঢ়ক : প্ৰচণ্ড শীতৰ বাবে অমৃতসৰত ছাত্ৰৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.