thumbnail

Tigers freely roaming:কাজিৰঙাত বাঘে-মানুহে সহবাস কৰিছে, আমিতো কাজিৰঙাৰ মানুহ নহয়-শংকিত ৰাইজ

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 2:28 PM IST

যোৰহাট, 3 নৱেম্বৰ : দেৰগাঁৱত পোৱালিসহ চাৰিটা বাঘৰ মুক্ত বিচৰণ । ভয়-শংকাৰ মাজত দিন অতিবাহিত কৰিছে স্থানীয় ৰাইজে আৰু বন বিভাগ ওপৰত ক্ষোভ উজাৰিছে । দেৰগাঁৱৰ বৃহৎ বামুন গাঁও, কাকতীগাঁও আৰু বৰুৱা গাঁৱত বাঘৰ মুক্ত বিচৰণত আতংকিত হৈ আছে ৰাইজ । বিগত চাৰি দিন ধৰি উক্ত অঞ্চলত পোৱালিসহ চাৰিটা বাঘে বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰিছে স্থানীয় ৰাইজে ।

বৃহত্তৰ অঞ্চলটোত স্থানীয় লোকৰ গোহালিত বান্ধি থোৱা অৱস্থাত গৰু-হাঁহ-ছাগলী লৈ গৈ ভক্ষণ কৰিছে বাঘে । মুক্তভাৱে পোৱালিসহ বাঘে বিচৰণ কৰাৰ ফলত ভয় আৰু শংকাৰ মাজত দিন কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে, কাৰণ কোন সময়ত ক’ৰ পৰা বাঘ ওলাই আহে ঠিক নাই ! উক্ত অঞ্চলটোত বাঘৰ বিচৰণ সন্দৰ্ভত স্থানীয় লোকে বন বিভাগক অৱগত কৰিছে । ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ আৰু তদাৰক কৰি আছে আৰু কেইবাঠাইতো বন বিভাগে পিঞ্জৰা পাতিছে যদিও সফল হ’ব পৰা নাই ।

বনবিভাগে যি দৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল তেনেধৰণ পদক্ষেপ গ্ৰহণ নকৰাত বন বিভাগৰ ওপৰত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ । বৰ্তমান সময়লৈকে বাঘ পিঞ্জৰাবদ্ধ নোহোৱা বাবে সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ সচেতন স্থানীয় লোকৰ । স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, অঞ্চলটোত বহু কেইটা বাঘে অৱস্থান গ্ৰহণ কৰিছে । তাৎপৰ্যপূৰ্ণ যে, বৃহত্তৰ অঞ্চলটোৰ ৰাইজে বাঘৰ এনে মুক্ত বিচৰণ বাবে নিজ সন্তানক অকলশৰে বিদ্যালয়লৈ যোৱা বন্ধ কৰি দিয়া লগতে ঘৰ ভিতৰতে অৱস্থান কৰিব লগা দৰে পৰিস্থিতিৰ উদ্ভৱ হৈছে । বাঘ কেতিয়া পিঞ্জৰাবদ্ধ হ’ব তালৈ অপেক্ষা কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : A Documentary on Tiger:‘Guest of Kamakhya’ কি আছে এই বিশেষ ডকুমেণ্টৰীখনত ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.