ননৈৰ পাচত এইবাৰ বঢ়মপুৰত বাঘৰ আতংক: শংকিত অঞ্চলবাসী - Nagaon Tiger Terror
🎬 Watch Now: Feature Video
Published : Jan 7, 2024, 8:02 PM IST
চামগুৰি, 7 জানুৱাৰী: নগাঁও ননৈৰ পাচত এইবাৰ বঢ়মপুৰত বাঘৰ আতংক । বঢ়মপুৰ ভেৰভেৰীত বাঘৰ খোজ দেখাৰ পাচত নগাঁৱৰ ভেৰভেৰী, হালোৱাগাঁও, জলাহগাঁৱৰ ৰাইজ এতিয়া আতংকিত হৈ পৰিছে । ইতিমধ্যে ননৈৰ জনবসতি প্ৰধান অঞ্চলত দুজন লোকক বাঘে আক্ৰমণ কৰাৰ ফলত অধিক শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ।
বাঘৰ খোজ প্ৰত্যক্ষ কৰি বন বিভাগৰ লোকেও অঞ্চলটোত যে বাঘ আছে সেই কথাটো নিশ্চিত কৰিছে ৷ বাঘৰ খোজ অনুকৰণ কৰিয়েই বন বিভাগৰ লোকে আৰম্ভ কৰিছে বাঘৰ সন্ধান । লগতে ৰাইজক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে বন বিভাগৰ লোকে । লগতে চাপানালা অঞ্চললৈ বাঘটো অহাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে বন বিভাগৰ লোকে ।
ইফালে সামাজিক মাধ্যমতো একাংশ দুষ্ট চক্ৰই বাঘৰ অৱস্থিতিক লৈ অপ-প্ৰচাৰ চলাই থকা বুলি উল্লেখ কৰিছে বন বিভাগৰ লোকে ৷ সেয়ে তেনে অপ-প্ৰচাৰত ভুল নাযাবলৈ বন বিভাগৰ লোকে আহ্বান জনাইছে ৷
লগতে পঢ়ক : নগাঁৱৰ ননৈত বাঘৰ ভৰিৰ ছাপ প্ৰত্যক্ষ, আতংকময় পৰিৱেশ