Tiger terror: মৰিয়নী চহৰত বাঘৰ মুক্ত বিচৰণ, এজনক আক্ৰমণ - এজনক আক্ৰমণ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 6:01 PM IST

যোৰহাট, 26 ছেপ্টেম্বৰ : ৰাজ্যৰ চাহ বাগিচা আৰু গ্ৰামাঞ্চলৰ হাবি জংঘলত বাঘৰ সন্ত্ৰাস এক চিৰ পৰিচিত ঘটনাৰূপে পৰিগণিত হৈ পৰিছে ৷ কিন্তু এইবাৰ বাঘৰ সন্ত্ৰাস আৰম্ভ হৈছে যোৰহাট জিলাৰ মৰিয়নি চহৰত ৷ খাদ্যৰ সন্ধানত নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণ মৰিয়নী নগৰত। মঙলবাৰে বিয়লি ভাগত মৰিয়নি নগৰৰ মাজ মজিয়াত অৱস্থিত "আপনা" হোটেলৰ পাচফালে কৰ্মৰত বাবলু নামৰ এজন যুৱক আক্ৰমণ কৰে নাহৰফুটুকী বাঘটোৱে ৷ ইয়াৰ পিচতে অঞ্চলটোত হুৱা দুৱা পৰিস্থিতিৰ সৃষ্টি হয় ৷  

দিন দুপৰতে নগৰৰ মাজমজিয়াত এইদৰে বাঘৰ সন্ত্ৰাসৰ পিচতেই আতংকিত ৰাইজে ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ এৰিছে ৷ ইতিমধ্যে সেই ঠাইত মৰিয়নী বন বিভাগৰ দল উপস্থিত হৈ সমগ্ৰ ঘটনা তদাৰক কৰিছে, কিদৰে বাঘটো নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে বন বিভাগে ৷ 

আনহাতে উন্মাদ বাঘটোৰ আক্ৰমণ পৰা হাত সাৰিবৰ বাবে একাংশই হাতত দা কুঠাৰ লৈ সষ্টম হৈ পৰিছে। 

লগতে পঢ়ক: Robbery in Nagaon: গৃহস্থক অচেতন কৰি প্ৰায় 17 লাখ টকাৰ আ-অলংকাৰ লুট-পাত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.