thumbnail

Tiger scare: বাঘৰ আতংকত বিনিদ্ৰ ৰজনী কটাইছে বৰপেটাৰোডবাসীয়ে

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 9:06 AM IST

Updated : Sep 17, 2023, 11:53 AM IST

বৰপেটাৰোড, ১৭ ছেপ্টেম্বৰ: বৰপেটাৰোডত বাঘৰ আতংকত বিনিদ্ৰ ৰজনী কটাইছে ৰাইজে । বিলাসীপাৰাত এটা বাঘে এজন লোকক গুৰুতৰভাৱে আহত কৰাৰ পাছত বিলাসীপাৰা গাঁওবাসীয়ে বাঘৰ আতংকত ভুগিছে । আতংকিত শ শ গঞা ৰাইজে উজাগৰী নিশা পাৰ কৰি শনিবাৰে বাঘটোক খেদিবলৈ হাতে হাতে দা, কুঠাৰ, লাঠি আদি অস্ত্ৰলৈ পথাৰত নামি পৰে ৷  

বিলাসীপাৰা অঞ্চলৰ পুখুৰীৰ পাৰে পাৰে বাঘৰ খোজ প্ৰত্যক্ষ কৰি অঞ্চলটোৰ ৰাইজে অভিযান চলায় যদিও বাঘটোক প্ৰত্যক্ষ নকৰাত শংকা বৃদ্ধি হয় ৷ বাঘটোৱে হয়তো বিশাল পথাৰৰ কোনোবা নিৰ্জন ঠাইত বিশ্ৰাম লৈ আছে বুলি ধাৰণা কৰে ৰাইজে ৷ বাঘটো খেদি পঠোৱাৰ ক্ষেত্ৰত বনবিভাগৰ লোকে যিদৰে গুৰুত্ব দিব লাগছিল তেনেদৰে নিদিয়াৰ অভিযোগ উত্থাপন কৰে ৰাইজে ৷  

উল্লেখ্য যে বাঘটোৰ আক্ৰমণত শুকুৰবাৰে আঘাতপ্ৰাপ্ত হোৱা বিলাসীপাৰা গাঁৱৰ কদম আলী নামৰ লোকজন সম্প্ৰতিও বৰপেটা মেডিকেল কলেজ হাস্পতালৰ বিছনাত মৃত্যুৰ সৈতে যুঁজি আছে ৷

লগতে পঢ়ক: Singer Padmanabha Bordoloi: পৃথক মনৰ পদ্মনাভৰ মনৰ কথাৰে

Last Updated : Sep 17, 2023, 11:53 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.