কিনো আছে বুলি জুমি চাওতেই গালৈ জপিয়ালে নাহৰফুটুকীয়ে !

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 4:42 PM IST

thumbnail

শিৱসাগৰ, 21 নৱেম্বৰ : শিৱসাগৰত বাঘৰ সন্ত্ৰাস ৷ মুক্তভাৱে বিচৰণ কৰি ফুৰিছে এটা নাহৰফুটুকী বাঘে ৷ বাঘটোৰ বিচৰণত বাৰীৰ চৰাই-চিৰিকতি, মানুহৰ পোহনীয়া জীৱ-জন্তু সকলোবোৰে ভয় খাইছে ৷ ইতিমধ্যে বাঘটোৱে এজন লোকক আক্ৰমণো কৰিছে ৷

জানিব পৰা মতে, মঙলবাৰৰ পুৱাই ঘৰত থাকোতেই বাৰীত চৰাই-চিৰিকতিৰ চিঞৰ-বাখৰ শুনি গৃহস্থই কিনো আছে বুলি চাওতেই জোপত লুকাই থকা নাহৰফুটুকী বাঘটোৱে জপিয়াই দিয়ে মানুহজনৰ গালৈ ৷ বৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হয় মানুহজন ৷ হাত-বুকু-পিঠি-বাহু সকলোতে বাঘৰ আঁচোৰ ৷  লোকজনে ইতিমধ্যে চিকিৎসা গ্ৰহণ কৰিছে ৷

এই ঘটনাটোৰ পিচত ৰাইজৰ মাজত আতংকই দেখা দিছে ৷ শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত থকা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ চৌহদত এই বাঘটোৱে বিচৰণ কৰি আছে ৷ চি চি টি ভি কেমেৰাত বন্দী হৈছে বাঘৰ বিচৰণৰ দৃশ্য ৷ বাঘটো বিচাৰি বন-বিভাগৰ অভিযান অব্যাহত আছে ৷

লগতে পঢ়ক : Leopard caged: প্ৰকাণ্ড নাহাৰফুটুকী বাঘ পিঞ্জৰাৱদ্ধ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.