Peddler detained with heroin: গুৱহাটীত শিক্ষকৰ ঘৰ ভাড়াত লৈ ড্ৰাগছৰ ব্যৱসায় চলোৱা যুৱকক আটক - ড্ৰাগছ সৰবৰাহকাৰী
🎬 Watch Now: Feature Video
ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে মহানগৰ আৰক্ষীৰ (Anti narcotics operation in Guwahati)। ড্ৰাগছ বিৰোধী অভিযানৰ অংশ হিচাপে মহানগৰ আৰক্ষীয়ে মঙলবাৰে নিশা গুৱাহাটীৰ হাতীগড় ঘোঁৰামৰা অঞ্চলত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Peddler detained with heroin) । এক গোপন সূত্ৰৰ পম খেদি মধ্য আৰক্ষী জিলাৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত কল্যাণ পাঠকৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ঘোঁৰামৰাৰ সুৰুজমুখী পথৰ হাউচ নং ৩১(A)ত অভিযান চলায় (Drugs peddler detained in Guwahati) ৷ উক্ত ঘৰটো হৈছে এজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ ৷ তেওঁৰ ভাড়াঘৰত অভিযান চলাই আৰক্ষীয়ে ঘৰটোৰ এটা বাথৰুমৰ ভিতৰৰ পৰা ১২ টা ড্ৰাগছ ভৰ্তি পেকেট, কণ্টেইনাৰ, চিৰিঞ্জ আদি জব্দ কৰে । আৰক্ষীয়ে এই অভিযানত আটক কৰিবলৈ সক্ষম হয় তিনি ড্ৰাগছ সৰবৰাহকাৰীক (heroin in Guwahati city) । ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটা হৈছে নলবাৰীৰ অভি দাস, হাইলাকান্দিৰ দীপাংকৰ ৰয় আৰু শ্বিলঙৰ মিল্টন চক্ৰৱৰ্তী ৷ ইয়াৰে মিল্টন চক্ৰৱৰ্তী নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক পূৰ্বে কেইবাবাৰো জেললৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে । আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ খিনিৰ মূল্য প্ৰায় ৮০ লাখ টকা বুলি জানিবলৈ দিছে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST