Preparation for APSC Main Exam: দৰিদ্ৰতাক নেওচি APSC মূল পৰীক্ষাৰ বাবে সাজু তিনি যুৱক - APSC মূল পৰীক্ষাৰ বাবে সাজু তিনি যুৱক
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04-07-2023/640-480-18912299-thumbnail-16x9-tingkhang-aspera.jpg)
টিংখাং,৪ জুলাই: টিংখাঙৰ শৈক্ষিক জগতৰ বাবে আশাৰ খবৰ । দৰিদ্ৰতাক নেওচি সীমিত সা-সুবিধাৰে সৰ্ব-ভাৰতীয় 'অসম লোক সেৱা আয়োগ' (APSC)ৰ মূল পৰীক্ষাৰ বাবে বাচনি হৈছে টিংখাঙৰ তিনিগৰাকীকৈ চহা কৃষকৰ সন্তান । আগন্তুক APSC ৰ পৰীক্ষাৰ বাবে নিজকে সাজু কৰিছে টিংখাঙৰ নিগাম পাঁচআলি (চৰাইহাবি)ৰ জিতুল বড়া, ২ নং চৰাইহাবি গাঁৱৰ ইন্দ্ৰজিৎ সোণোৱাল আৰু তিনিঠেঙীয়া ৰৌমাৰীৰ দিনেশ সোণোৱাল নামৰ তিনিগৰাকী মেধাৱী ছাত্ৰই ।
টিংখাঙৰ অতি ভিতৰুৱা গাঁৱৰ সাধাৰণ পৰিয়ালৰ মেধাৱী ছাত্ৰ কেইজনে ক'চিং নোলোৱাকৈ, ঘৰতে বিভিন্ন ধৰণৰ কিতাপ আৰু সামাজিক মাধ্যমক সমল হিচাপে লৈ সৰ্ব-ভাৰতীয় পৰীক্ষাৰ বাবে সাজু হৈছে । বোকাৰ পদুম সদৃশ তিনিওগৰাকী মেধাৱী ছাত্ৰক কিছু আৰ্থিক আৰু মানসিক শক্তি প্ৰদানৰ উদ্দেশ্যে সোমবাৰে শিক্ষাবিদ অশোক গগৈ, হৰেণ ডেকা বৰুৱা, ছাত্ৰ নেতা ভৱেন সোণোৱালসহ কেইবাগৰাকীও সমাজ সচেতন ব্যক্তি পৰীক্ষাৰ্থী কেইজনৰ বাসগৃহত উপস্থিত হৈ কিছু নগদ ধন আৰু বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায় ।
লগতে পঢ়ক: Jagirod police:অৱশেষত আৰক্ষীৰ জালত ভুৱা চৰকাৰী বিষয়া