Road accident in Chabua: চাবুৱাত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে তিনি মহিলা শ্ৰমিকে

By

Published : Apr 10, 2023, 10:54 PM IST

thumbnail

চাবুৱা, ১০ এপ্ৰিল: চাবুৱাত ভয়ংকৰ পৰিস্থিতি । ডিব্ৰুগড় জিলাৰ চাবুৱাৰ সমীপৰ ডিকম বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱা তিনিগৰাকী মহিলা শ্ৰমিক থিতাতে নিহত (Three killed in road accident in Chabua) । AS-06-Z-3501 নম্বৰৰ এখন তীব্ৰ বেগী চুইফট্‌ ডিজায়াৰে‌ মহতিয়াই‌ নিয়াৰ ফলত ৰিতা‌ ভক্তা‌ ‌আৰু‌ মিনা‌ বেদিয়া‌ থিতাতে‌ নিহত হোৱাৰ লগতে সুনিতা‌ বেদিয়া‌ নামৰ আন এগৰাকী মহিলা শ্ৰমিকৰ অসম মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় (Road accident in Chabua) ।  

মহিলা কেইগৰাকীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে খোজকাঢ়ি এখন বাগিচাৰ পৰা আন এখন বাগিচালৈ পথটো অতিক্ৰম কৰাৰ সময়তে উক্ত ঘটনাটো সংঘটিত হৈছিল বুলি শ্ৰমিক ৰাইজে জানিবলৈ দিয়ে । ঘটনা সংঘটিত কৰা বাহনখন পথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই কাষৰ দ' খাৱৈত‌ গৈ পৰেগৈ‌ (Road accident news)। 

ইয়াৰ পিছত শ্ৰমিক জনতা ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে নিহত ব্যক্তিৰ মৃত্যুৰ উচিত‌ বিচৰাৰ লগতে দোষীক কঠোৰ শাস্তি দিয়াৰ দাবীত টায়াৰ‌ জ্বলাই‌ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক: Assamese traditional instrument : হাতত প্ৰায় 100 বছৰ পুৰণি ম’হৰ শিঙৰ পেঁপা লৈ বিহুলৈ সাজু সোণ ককা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.