গোৰেশ্বৰত টাইকোৱানডো প্ৰতিযোগিতা - গোৰেশ্বৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে টাইকোৱানডো
🎬 Watch Now: Feature Video

তামুলপুৰ জিলাৰ অন্তৰ্গত গোৰেশ্বৰত সমাজ সেৱক লেহুৰাম বড়োৰ সোঁৱৰণীত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে টাইকোৱানডো প্ৰতিযোগিতাৰ ৷ টাইকোৱানডো প্ৰতিযোগিতাৰ উদ্যোক্তাসকলে শুকুৰবাৰে গোৰেশ্বৰত সম্বোধন কৰে এক সংবাদমেল । গোৰেশ্বৰ টাইকোৱানডো সংস্থাৰ উদ্যোগত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে টাইকোৱানডো প্ৰতিযোগিতাখনিৰ(Taekwondo tournament in Tamulpur) । স্বৰ্গীয় লেহুৰাম বড়ো তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰথমবাৰলৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল যদিও নিৰ্বাচিত হোৱাৰ কেইদিনমান পিছতে কোভিড মহামাৰীত আক্ৰান্ত হোৱাৰ ফলত তেওঁ বিধানসভাৰ কোনো দায়িত্বই সমাপন কৰিবলৈ নাপালে। কোভিড মহামাৰীত আক্ৰান্ত হৈয়ে কিছুদিন পাছত মৃত্যুমুখত পৰে লেহুৰাম বড়ো । প্ৰয়াত বিধায়কগৰাকীৰ সোৱঁৰণীত গোৰেশ্বৰ টাইকোৱানডো সংস্থাই তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিছে টাইকোৱানডো প্ৰতিযোগিতাৰ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাশ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে প্ৰতিযোগিতাখনত ।
Last Updated : Feb 3, 2023, 8:27 PM IST