thumbnail

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 7:44 PM IST

ETV Bharat / Videos

লখিমপুৰত তিনিদিনীয়াকৈ আৰম্ভ হৈছে অসমী ভোগালী মেলা ২০২৪

লখিমপুৰ, ১০ জানুৱাৰী : অসম গ্ৰামীণ জীৱিকা অভিযান লখিমপুৰৰ উদ্যোগত লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত বুধবাৰৰ পৰা তিনিদিনীয়কৈ আৰম্ভ হৈছে অসমী ভোগালী মেলা ২০২৪ । উক্ত মেলাত লখিমপুৰ জিলাৰ অন্তৰ্গত বিভিন্ন আত্ম-সহায়ক গোটৰ সদস্যৰ দ্বাৰা প্ৰস্তুত কৰা খাদ্য-সম্ভাৰৰ লগতে জাতীয় সাজপাৰৰ বিপণিৰ ব্যৱস্থা কৰা হৈছে ।

বুধবাৰে এই মেলাৰ প্ৰথম দিনটোত ৰাইজৰ যথেষ্ট সঁহাৰি পৰিলক্ষিত হৈছে । এই মেলাৰ পৰৱৰ্তী দিন দুটাতো ৰাইজৰ সঁহাৰি আশাব্যঞ্জক হ’ব বুলি গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়ববীয়া সকলে আশা প্ৰকাশ কৰিছে । সমাগত ভোগালীৰ বাবে প্ৰয়োজনীয় খাদ্য-সম্ভাৰ, সাজপোছাক আদি ক্ৰয় কৰিবলৈ ৰাইজে ভীৰ কৰা দেখা গৈছে । আনহাতে উৎপাদিত সামগ্ৰীসমূহ আশানুৰূপভাৱে বিক্ৰী কৰিবলৈ পাই বিপণিৰ মহিলাসকল উৎসাহী হৈ পৰিছে ৷

লগতে পঢ়ক : প্ৰাক ভোগালীৰ আনন্দত মতলীয়া ধেমাজিৰ গোঁহাই চাপৰি মহিলাসকল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.