thumbnail

Press meet on NEP in Guwahati:নতুন শিক্ষা নীতিয়ে দেশলৈ আনিব পৰিৱৰ্তন

By

Published : Jul 27, 2023, 8:25 PM IST

গুৱাহাটী, ২৭ জুলাই: ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে গুৱাহাটী সংমণ্ডলৰ কেন্দ্ৰীয় বিদ্যালয় সংগঠনে নুনমাটিৰ চূনচালিস্থিত আই অ' চি কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰাংগনত আজি এক সংবাদমেলৰ  আয়োজন কৰে । সংবাদমেল সম্বোধন কৰে গুৱাহাটী সংমণ্ডলৰ কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ উপ-আয়ুক্ত চন্দ্ৰশেখৰ আজাদে । বিশ্বৰ আন আন দেশৰ লগত ফেৰ মাৰিব পৰাকৈ কেন্দ্ৰীয় চৰকাৰে ২০২০ চনত শিক্ষা নীতি সলনি কৰি আন্ত:ৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় শিক্ষা দিবলৈ চেষ্টা কৰা হৈছে বুলি উপ আয়ুক্ত চন্দ্ৰশেখৰ আজাদে কয় ।

তেওঁ কয় যে নতুন শিক্ষা নীতিৰ আধাৰত সকলো ছাত্র -ছাত্ৰীৰ শিক্ষা ব্যবস্থা সহজলভ্য হোৱাকৈ কেইবাটাও প'ৰ্টেল মুকলি কৰা হৈছে । গুৱাহাটী সংমণ্ডলৰ ৪২ কেন্দ্ৰীয় বিদ্যালয়ত ডিজিটেল ক্লাছ ৰূমৰ ব্যবস্থা কৰা হৈছে । সকলো ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশৰ প্ৰতি লক্ষ্য ৰাখি কলা, বাণিজ্য আৰু বিজ্ঞান শাখাত শিক্ষাৰ উত্তৰণ ঘটোৱা হৈছে । নতুন শিক্ষা নীতিৰ আধাৰত শ্ৰেণী কোঠা, পৰীক্ষাগাৰ, গ্ৰন্থগাৰৰ আন্তঃগাঁথনি উন্নত কৰা হৈছে । ছাত্ৰ ছাত্ৰীক উন্নতমানৰ শিক্ষা দিবলৈ শিক্ষাগুৰু সকলক প্ৰশিক্ষণ দি থকা হৈছে ।

২০৪০ চনলৈ এই শিক্ষা নীতিয়ে দেশত আমূল পৰিবৰ্তন আনিব বুলি উপ-আয়ুক্তগৰাকীয়ে আশা প্ৰকাশ কৰে । এই সংবাদমেলত আঞ্চলিক সঞ্চালক ৰাজেশ গৌতম, সহকাৰী আয়ুক্ত ভেংকেটেশ্বৰ প্ৰসাদ বি, উপ-সঞ্চালক পনবি গুপ্তা, নুনমাটি কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ ডলী দাসৰ লগত উপস্থিত থাকে নুনমাটি কেন্দ্ৰীয় বিদ্যালয়ৰ কৰ্মীবৃন্দ ।

লগতে পঢ়ক:Allegation against BU VC: BUৰ উপাচাৰ্যৰ বিৰুদ্ধে তদন্ত সমিতি গঠনক আদৰণি এবছুৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.