THIEF INCIDENT: IB ৰ মুৰব্বী তপন কুমাৰ ডেকাৰ বাসগৃহত চোৰৰ চাফাই অভিযান - ভাৰতীয় চোৰাংচোৱা সংস্থা
🎬 Watch Now: Feature Video
গুৱাহাটী, ১৯ জুলাই : নিৰাপত্তাহীনতাত স্বয়ং ভাৰতীয় চোৰাংচোৱা সন্থাৰ মুৰব্বী। ভাৰতীয় চোৰাংচোৱা সংস্থাৰ মুৰব্বী তপন কুমাৰ ডেকাৰ বাসগৃহতে চোৰৰ চাফাই অভিযান । মহানগৰীৰ হেঙেবাৰীৰ গোপালকৃষ্ণ পথৰ ৩৩ নং বাসগৃহত এই চুৰিকাণ্ড ।
ঘৰত শীৰ্ষ আৰক্ষী বিষয়াগৰাকীৰ অনুপস্থিতিৰ সুযোগ লৈ চোৰে চাফাই অভিযান চলাই। দেওবাৰে নিশা চোৰে প্ৰৱেশ কৰিছিল বাসগৃহটোত । ইয়াৰ পিচতে এই ঘটনাই গুৱাহাটী আৰক্ষীৰ লগতে দিছপুৰৰ নিদ্ৰাহৰণ কৰিছে ।
ইতিমধ্য়ে চোৰৰ সন্ধানত দিন ৰাতি একাকাৰ কৰিছে আৰক্ষীয়ে। অৱশ্যে এই সমগ্ৰ বিষয়টোত নীৰৱতা অৱলম্বন কৰিছে গুৱাহাটী আৰক্ষীয়ে । সম্প্ৰতি ঘটনাটো আৰক্ষীয়ে গাপ দিয়াৰ চেষ্টা কৰিছে বুলিও অভিযোগ উত্থাপন হৈছিল ৷
ইপিনে দিছপুৰ আৰক্ষীলৈ বিষয়াজনে পত্ৰ লিখাৰ পিচতেই বিষয়াগৰাকীৰ বাসগৃহত মোতায়েন কৰিছে ৩ জনকৈ আৰক্ষীৰ লোক । স্থানীয় লোকৰ অভিযোগ অনুসৰি, সেই স্থানত সঘনাই সংঘটিত হৈ আহিছে চুৰিকাণ্ড ।
উল্লেখ্য যে, তপন কুমাৰ ডেকাই ভাৰতীয় চোৰাংচোৱা সংস্থা (IB) সঞ্চালকৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। ভাৰতীয় আৰক্ষী সেৱাৰ ১৯৯৮ চনৰ হিমাচল প্ৰদেশ কেডাৰৰ বিষয়া তপন কুমাৰ ডেকা আই বিৰ ২৮ সংখ্যক সঞ্চালক । তেওঁ ২০২২ চনৰ আই বিৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ।
লগতে পঢ়ক: FIR against Assam CM: ৰঙিয়া আৰক্ষী থানাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল ৰাইজৰ দলৰ উপ সভাপতিৰ