Theft in Golaghat: ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰৰ লুটপাত - Buglary in Golaghat
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/09-11-2023/640-480-19985779-thumbnail-16x9-golaghat-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 9, 2023, 6:24 PM IST
গোলাঘাট,৯ নৱেম্বৰ: গোলাঘাট নগৰত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা । সৌ সিদিনা নগৰখনৰ নতুন আমোলাপট্টিত ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটপাত চলোৱাৰ ঘটনা সংঘটিত হোৱাৰ পাছত অনুৰূপ ঘটনা সংঘটিত হৈছে এৰেঙাপাৰ নৰাগাঁৱত । প্ৰয়াত অনন্ত গোস্বামী নামৰ লোকজনৰ পৰিয়ালৰ লোক ঘৰত নথকাৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযান ।
বৃহস্পতিবাৰে পৰিয়ালৰ লোক ঘৰত উপস্থিত হোৱাৰ পাছতে মূল দুৱাৰৰ তলা ভঙা দেখি সন্দেহ হোৱাত ভিতৰত প্ৰৱেশ কৰি হতভম্ব হৈ পৰে । চোৰে আলমিৰা ভাঙি সোণৰ আ-অলংকাৰৰ বহু সামগ্ৰী লৈ উধাও হয় । ঘটনা সম্পৰ্কে গোলাঘাট সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে পৰিয়ালৰ লোকে । আৰক্ষীয়ে উক্ত স্থানত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে । চোৰে প্ৰায় ৩ লক্ষাধিক টকাৰ সামগ্ৰী লৈ যোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ।
লগতে পঢ়ক: youth killed: সামান্য কথাতে 5 যুৱকে উপৰ্যুপৰি হানি খুচি হত্যা কৰিলে এজনক